অসম

assam

By

Published : Oct 16, 2020, 8:29 AM IST

ETV Bharat / state

কলিয়াবৰত ৰাজ‍্যিক যুৱ জনতা মৰ্চাৰ প্ৰথমখন কাৰ্য‍নিৰ্বাহক সভা

কলিয়াবৰত শীৰ্ষ বিষয়-ববীয়াৰ উপস্থিতিত নৱ-নিৰ্বাচিত বিষয়-ববীয়া, সদস‍্যৰ প্ৰথমখন কাৰ্য‍্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ।

কলিয়াবৰত  ৰাজ‍্যিক  যুৱ জনতা মৰ্চাৰ প্ৰথমখন কাৰ্য‍ নিৰ্বাহক সভা
কলিয়াবৰত ৰাজ‍্যিক যুৱ জনতা মৰ্চাৰ প্ৰথমখন কাৰ্য‍ নিৰ্বাহক সভা

কলিয়াবৰ, 16অক্টোবৰ :কলিয়াবৰত অসম ৰাজ‍্যিক ভাৰতীয় যুৱ জনতা মৰ্চাৰ নগাঁও জিলাৰ বৰ্দ্ধিত কাৰ্য‍নিৰ্বাহকৰ প্ৰথমখন সভা অনুষ্ঠিত হয় । এই সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ‍্যিকৰ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা । শৰ্মাই নৱ-প্ৰজন্মৰ নতুন সৈনিকক দেশ সেৱাৰ বাবে প্ৰতি ক্ষণতে সাজু থাকিবলৈ আহ্বান জনায় । সাংবাদিকৰে হোৱা বাৰ্তালাপত দেশৰ প্ৰধান আৰু জনপ্ৰিয় দলটোৰ অন্তৰ্গত যুৱ সংগঠনটোৰ প্ৰতিজন সদস‍্যই ব‍্যক্তিগত স্বাৰ্থৰ বিপৰীতে দেশৰ হৈ কাম কৰিবলৈ ওলাই আহিছে বুলি কয় । যুৱ শক্তিয়ে দেশ তথা ৰাজ‍্যখনলৈ এক শুভ বাৰ্তা কঢ়িয়াই আনিব বুলি বিজেপিৰ ৰাজ‍্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই আশা প্ৰকাশ কৰে । সমাগত বিধান সভা নিৰ্বাচনত অসমত বিজেপি দলে ভাল ফল দেখুওৱাৰ লগতে মিত্ৰজোঁটে শতাধিক আসন দখল কৰিব বুলি মত প্ৰকাশ কৰে । বিশেষকৈ কলিয়াবৰ জিলা সমিতিৰ অন্তৰ্গত চামগুৰি সমষ্টিত বৰ্তমানৰ বিধায়ক ৰকিবুল হুচেইনক উৎখাত কৰি পদুম ফুল ফুলিব বুলি বিশ্বাসী বুলি মত প্ৰকাশ কৰে ।

শেহতীয়াকৈ বিজেপিৰ নিৰ্বাচনী সমীক্ষা মতে ৰাজ‍্যিক সম্পাদক দিপ্লুৰঞ্জন শৰ্মাক দলে কলিয়াবৰ সমষ্টিত প্ৰক্ষেপ কৰা সন্দৰ্ভত নিজৰ স্থিতি পোন-প্ৰথমবাৰলৈ ৰাজহুৱা কৰে । শৰ্মাই কয় যে, বৰ্তমান অৱস্থাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অন‍্যতম সহযোগী অগপ দলৰ বিধায়ক থকাৰ সময়ত এনে এক সম্ভাৱনা অমূলক । তৎস্বত্বেও দলীয় শীৰ্ষ মহলৰ আদেশ পালন কৰিবলৈ দলীয় কৰ্ম-কৰ্তা ৰূপে বিজেপিৰ প্ৰতিজন সদস‍্য সাজু । বৰ্তমান সময়ত কলিয়াবৰত বিজেপি দলৰ সাংগঠনিক ভেটি যথেষ্ট সবল আৰু সক্ৰিয় । সেই কথা যোৱা লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰিছে । যোৱা লোকসভা নিৰ্বাচনৰ সময়ত প্ৰাৰ্থীৰ তালিকাত দিপ্লুৰঞ্জন শৰ্মাৰ নাম উচ্চাৰিত হৈছিল যদিও দলৰ সিদ্ধান্ত নতশিৰে গ্ৰহণ কৰি আহিছে । সমাগত বিধানসভা নিৰ্বাচনতো দলে যি দায়িত্ব দিয়ে, সেই দায়িত্ব নিয়াৰিকৈ পালন কৰি যাব বুলি শৰ্মাই দোহাৰে ।

কলিয়াবৰত ৰাজ‍্যিক যুৱ জনতা মৰ্চাৰ প্ৰথমখন কাৰ্য‍ নিৰ্বাহক সভা

হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত অনুষ্ঠিত সভাত বিজেপি ৰাজ্যিক সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা উপৰিও জিলা সভাপতি অনিল শইকীয়া, ৰাজ্যিক প্ৰশিক্ষণ কোষৰ আহ্বায়ক ৰক্তিম খাটনিয়াৰ, শিক্ষণ কোষৰ সহ আহ্বায়ক নয়ন হাজৰিকা, ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস‍্য হীৰকজ্যোতি বৰা, তথ‍্য কোষৰ পৰাণ পাচনীকে ধৰি বহু কেইজন ৰাজ‍্যিক যুৱ মৰ্চাৰ যুৱ নেতা উপস্থিত থাকে । সভাত ভাৰতীয় যুৱ মৰ্চাৰ নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ, চামগুৰি, ৰূপহী, ঢিং আৰু বটদ্ৰৱা সমষ্টিৰ নৱ-নিৰ্বাচিত বিষয়-ববীয়া তথা সদস‍্যসকলে দলীয় আৰু সংগঠনৰ অতন্দ্ৰ প্ৰহৰী ৰূপে কাৰ্য‍ নিৰ্বাহ কৰাৰ শপত লয় ।

লগতে পঢ়ক :গ্ৰেপ্তাৰ হ'ল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জিৎ কৃষ্ণ

ABOUT THE AUTHOR

...view details