নগাঁও, 13 ছেপ্টেম্বৰ :নগাঁৱত এগৰাকী অধ্যাপকক কৰা আক্ৰমণক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ নলবাৰীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা কবি, সাহিত্যিক ড৹ অজিত ভড়ালীয়ে দেওবাৰে সন্ধিয়া কন্যাক লগত লৈ পত্নীক আনিবলৈ যোৱাৰ সময়ত সংঘটিত হয় এই ঘটনা ৷
অধ্যাপক ড৹ ভড়ালীয়ে বিপৰীত দিশৰ পৰা এখন বাইকত এটা দম্পতী অহা দেখি তেওঁ বাহনখনৰ গতিবেগ কমাই ৰখাই দিয়ে । ইয়াকে লৈ বাইকত থকা দম্পতীটোৱে অধ্যাপক ড৹ ভড়ালীৰ ওপৰত খৰ্গহস্ত হৈ পৰে । সামান্য কথাৰ বাবেই অধ্যাপকৰ কন্যাকো দম্পতীটোৱে অশ্লীল ভাষাৰে গালি-গালাজ পৰা বুলি অভিযোগ তুলিছে অধ্যাপকগৰাকীৰ লগতে কন্যাই ।
অধ্যাপকৰ কন্যাক শাৰিৰীকভাৱে আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল বাইকত অহা দম্পতীটোৱে । এনে অৱস্থাত পিতৃয়ে বাধা প্ৰদান কৰাত অধ্যাপক ড৹ ভড়ালীক আক্ৰমণৰ লক্ষ্য কৰি লয় মহিলাগৰাকীৰ স্বামীয়ে । হাতত থকা হেলমেটৰে ড৹ ভড়ালীৰ মূৰত উপৰ্যুপৰি আক্ৰমণ কৰে বাইকত অহা দম্পতীটোৱে ৷