নগাঁও,5 মে’: সংখ্যালঘু নেতাৰ বিৰুদ্ধে ক্ষুব্ধ বিজেপিৰ ৰাজ্যিক নেতৃত্ব ৷ সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতেই বিজেপিৰ সংখ্যালঘু নেতাৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক নেতৃত্ব । আপুনি হয়তো ভাবিছে অসমত বিজেপি মিত্ৰজোঁটে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো বিজেপিৰ ৰাজ্যিক নেতৃত্ব ক্ষোভিত হোৱাৰ কাৰণ কি ! উল্লেখযোগ্য যে, অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ৰাজদীপ ৰায় স্বাক্ষৰিত এখন জাননীয়ে সকলো স্পষ্ট কৰিছে ।
নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ তিনিদিন পিছতেই জাৰি কৰা এই জাননীখন অইন একো নহয়, বিজেপিৰ অসম প্ৰদেশ সংখ্যালঘু মৰ্চা ভংগ কৰাৰ জাননী । কাৰণ আন একো নহয়, সদ্য সমাপ্ত অসম বিধানসভা নিৰ্বাচনত সংখ্যালঘু এলেকাত ভোট লাভ কৰা নাই ভাৰতীয় জনতা পাৰ্টীয়ে । এআইইউডিএফৰে হোৱা কংগ্ৰেছৰ মহাজোঁটৰ প্ৰতি সংখ্যালঘু ভোটাৰ অধিক আকৰ্ষিত হোৱাৰ বিপৰীতে বিজেপিৰ যেন একেবাৰেই আস্থা নোহোৱা হৈ পৰিল সংখ্যালঘু লোকৰ । এইক্ষেত্ৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতৃত্ব হয়তো ব্যৰ্থ হৈছে সংখ্যালঘু ভোট আদায় কৰাত ।