নগাঁও, ৪ জানুৱাৰী: ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ শাসক-বিৰোধী সকলোৱে তৎপৰ হোৱাৰ সমান্তৰালকৈ নগাঁৱতো ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা দেখা গৈছে । জিলাখনৰ ধিং সমষ্টিৰ মৈৰাবাৰী পাব্লিক লাইব্ৰেৰীত সোমবাৰে শাসকীয় দলৰ মণ্ডল বিজেপিৰ ২য় খন কাৰ্যনিৰ্বাহক সভা সম্পন্ন হয় । মৈৰাবাৰী মণ্ডল বিজেপিৰ উপ সভাপতি ভানু দাসৰ সভাপতিত্বত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সহ-সম্পাদক শ্বহিদুল ইছলাম । সভাৰ আৰম্ভণিতে বিজেপিৰ কৰ্মকৰ্তাসকলে দলীয় পতাকা উত্তোলন কৰি বন্তি প্ৰজ্বলন কৰে মৈৰাবাৰী মণ্ডল বিজেপিৰ প্ৰভাৰি ৰবিন বৰদলৈয়ে ।
উল্লেখযোগ্য যে, ধিং সমষ্টিত নিজৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে,বিজেপিৰ পৰা যাতে কংগ্ৰেছ,এ আই ইউ ডি এফে বিতাড়িত কৰিব নোৱাৰে তাৰ বাবে ঘনে ঘনে ধিং সমষ্টিত বিজেপিয়ে সভা সমিতি অনুষ্ঠিত কৰি আহিছে । এই কাৰ্যনিৰ্বাহক সভাত অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ-সভাপতি খলিলুৰ ৰহমান,ধিং সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা ন বিজেপি মজিবুৰ ৰহমান,ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য আব্দুল কাদিৰ উপস্থিত থাকি সাংগঠনিক দিশৰ লগতে আগন্তক নিৰ্বাচনত ৰাইজৰ মাজত কেনেকৈ প্ৰস্তুতি আগবঢ়োৱা হ'ব সেই সম্পৰ্কে বক্তব্য আগবঢ়ায় । মৈৰাবাৰী মণ্ডলৰ মহিলা মৰ্চাৰ প্ৰভাৰি অনুপমা বৰা,বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি ছেলিম চৌধুৰী ওৰফে দিপুৱে উপস্থিত থাকি কয় 'এইবাৰ আকৌ বিজেপিৰ চৰকাৰ হ'ব অসমত । ধিং সমষ্টিৰ পৰা বিজেপিৰ বিধায়ক নিৰ্বাচিত কৰিব পঠাব' ।