অসম

assam

অন্ত পৰিল কলঙৰ বাকৰি নেহেৰুৱালীৰ ১০৮ সংখ্যক ভোগালী উৎসৱ

By

Published : Jan 18, 2021, 10:26 AM IST

নিজম পৰিল বিগত পাঁচদিনে এক উখল-মাখল পৰিৱেশ বিৰাজ কৰা নগাঁৱৰ কলঙৰ বাকৰি নেহেৰুৱালী ৷ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত ভোগালী উৎসৱৰ সামৰণি অনুষ্ঠানত লোকাৰণ্য হৈ পৰে ৷

bhugali-bihu-celebration-at-nagaon
অন্ত পৰিল কলঙৰ বাকৰি নেহেৰুৱালীৰ ১০৮ সংখ্যক ভোগালী উৎসৱ

নগাঁও,18 জানুৱাৰী:উখল-মাখল পৰিৱেশৰ মাজেৰে অৱশেষত সামৰণি পৰে কলঙৰ বাকৰি নেহেৰুৱালীত অনুষ্ঠিত ১০৮ সংখ্যক ভোগালী উৎসৱ ৷ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁৱৰ নেহেৰুৱালীত অনুষ্ঠিত ভোগালী উৎসৱৰ সামৰণি অনুষ্ঠানত লোকে লোকাৰণ্য হৈ পৰে ৷ মাজনিশা পৰ্যন্ত অগণন লোকৰ ভিৰ পৰিলক্ষিত হয় নগাঁৱৰ ভোগালী উৎসৱত ৷

অন্ত পৰিল কলঙৰ বাকৰি নেহেৰুৱালীৰ ১০৮ সংখ্যক ভোগালী উৎসৱ

ইপিনে কৰ'ণা সৃষ্ট পৰিৱেশৰ পৰা কিছু স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ সময়তে সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত নেহেৰুৱালীত আয়োজিত ভোগালী উৎসৱত সৰ্বসাধাৰণ ৰাইজ ওলাই আহি ভোগালী উৎসৱ উপভোগ কৰা পৰিলক্ষিত হয় ৷ ইপিনে,উৎসৱৰ আটাইকেইটা দিনেই বিভিন্ন খেল-ধেমালিৰ লগতে গীত,নৃত্য,চিত্ৰাংকণ আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ উপৰিও সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হৈছিল ৷

লগতে পঢ়কঃসমন্বয়ৰ পীঠস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী থান

ABOUT THE AUTHOR

...view details