কলিয়াবৰ,৭ জানুৱাৰী :ৰাজ্যজুৰি জিলা কৰ্তন আৰু সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিতৰ্ক অব্যাহত আছে (District abolish controversy)। ইয়াৰ মাজতে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ দাবী কৰা মতে এসময়ত বহু জিলাৰ জনসাধাৰণে নতুনকৈ জিলা গঠন হোৱাটো বিচৰা নাছিল । জিলা বিলুপ্তি বা গঠন সামাজিক উন্নয়ন আৰু প্ৰশাসনিক সুবিধাৰ বাবেহে কৰা হয় (Bhubaneshwar Kalita on district abolishment)।
আনহাতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ ভাৰতীয় নিৰ্বাচন আয়োগৰ নিজস্ব বিষয় । বিজেপি দলে আয়োগক সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও তেওঁ মন্তব্য কৰে (Bhubaneshwar Kalita assam constituency reshuffle)। কলিয়াবৰ বিধানসভা সমষ্টিৰ মণ্ডল কাৰ্যালয়ত বুথ সশক্তিকৰণ অভিযানত অংশ লৈ এই মন্তব্য কৰে সাংসদগৰাকীয়ে । শেহতীয়াকৈ দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে কলিয়াবৰ ভ্ৰমণ কৰিছে । ইয়াৰ পাছতে বিজেপি দলৰ ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাও শুকুৰবাৰে সমষ্টিটোত উপস্থিত হৈছে ।
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে ৰণনীতি প্ৰস্তুত কৰিছে বিজেপি দলে । কলিয়াবৰ লোকসভা সমষ্টি কংগ্ৰেছ দলৰ পৰা উদ্ধাৰৰ বাবে বিজেপিয়ে মিত্ৰদল অগপক আঁতৰাই নিজ দলৰ প্ৰাৰ্থীক ঠিয় কৰোৱাৰ ইংগিত দিছে । সেই লক্ষ্য আগত ৰাখিয়েই ভুৱনেশ্বৰ কলিতাই বুথ পৰ্যায়ক শক্তিশালী কৰাৰ উদ্দেশ্যে কলিয়াবৰত উপস্থিত হৈছে ।
আগন্তুক নিৰ্বাচনত দলক শক্তিশালী কৰাৰ উদ্দেশ্যে কলিয়াবৰত বুথ সশক্তিকৰণ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰি এতিয়াৰে পৰা দলটোক আগবঢ়াই নিয়াৰ পৰিকল্পনা লোৱা হয় (Bhubaneshwar Kalita attend booth meeting at Kaliabor)। দলটোৰ ই এক স্বাভাৱিক কাৰ্যসূচী আৰু দলটোৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী কৰাৰ লক্ষ্য বুলি অৱগত কৰে সাংসদগৰাকীয়ে । সাংসদগৰাকীয়ে লগতে কয় যে নিৰ্বাচন হওকেই বা নহওক, দলটো শক্তিশালী কৰি ৰাখিবৰ বাবে এনে কাৰ্যসূচী গ্ৰহণ কৰা হয় (BJP Booth Sashaktikaran Abhijan Assam)।