চিটাৰা ডেস্ক, ২০ ছেপ্টেম্বৰ: অসমৰ ছবি উদ্যোগৰ বাবে এক সু-খবৰ । মুম্বাইত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক ৱালেট ফ্লিম ফেষ্টিভেলত জিলিকিল অসমৰ পৰিচালক । জ্যোতিপ্ৰসাদ ভূঞা(Jyoti Prasad Bhuyan) পৰিচালিত ছবিয়ে লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ বঁটা । পৰিচালক তথা নাট্যকাৰ জ্যোতিপ্ৰসাদ ভূঞাৰ "ৰেঙণি(Ray of hope)" নামৰ চুটি ছবিখনলৈ আগবঢ়োৱা হৈছে বৰ্ষটোৰ ভিতৰতে শ্ৰেষ্ঠ ছবিৰ বঁটা ।
ৱালেট ফ্লিম ফেষ্টিভেলত এইবাৰ দেশৰ মুঠ সাতখন চুটি ছবিলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ ছবিৰ বঁটা । এই শ্ৰেষ্ঠ ছবিৰ তালিকাত স্থান পাইছে "ৰেঙণি(Ray of hope)" নামৰ ছবিখনে । ইতিমধ্যে এই ছবিখন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিভিন্ন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে । এই চুটি ছবিখনৰ কাহিনী আৰু প্ৰযোজনা কবি প্ৰৱন্ধকাৰ ড০ অজিত ভৰালীৰ আৰু চিনেমেট'গ্ৰাফি ভাস্কৰ জ্যোতি বৰাৰ আৰু সম্পাদনা কৰিছে সুব্ৰত দাসে ।