অসম

assam

ETV Bharat / state

বটদ্ৰৱাত বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ

বটদ্ৰৱাৰ ৰাইডঙীয়াত বিদ্যুৎ বিভাগৰ মৰণ ফান্দ কাণ্ড । বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ ৷ একাংশ দায়িত্ব হীনতা বিষয়া কৰ্মচাৰীয়ে জংঘলৰ মাজেৰেই বাঁহৰ খুটাৰে বিদ্যুতৰ তাঁৰ টানি বিপদসংকুল ভাৱে যোগান ধৰিছে বিদ্যুৎৰ সেৱা ।

বটদ্ৰৱাত বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ

By

Published : Jul 14, 2019, 3:05 AM IST

বটদ্ৰৱা 14 জুলাইঃ বটদ্ৰৱাৰ ৰাইডঙীয়াত বিদ্যুৎ বিভাগৰ মৰণ ফান্দ কাণ্ড । বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ ৷ একাংশ দায়িত্ব হীনতা বিষয়া কৰ্মচাৰীয়ে জংঘলৰ মাজেৰেই বাঁহৰ খুটাৰে বিদ্যুতৰ তাঁৰ টানি বিপদসংকুল ভাৱে যোগান ধৰিছে বিদ্যুৎৰ সেৱা । অকৰ্মন্য বিদ্যৎ বিভাগৰ এনে কৰ্ম- কাণ্ডত জাঙুৰ খাই উঠিছে বৃহত্তৰ অঞ্চলটোৰ গঞা ৰাইজ । ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি বৃহত্তৰ ৰাইদঙীয়া অঞ্চলত এনেদৰেই পকী খুটাৰ পৰিবৰ্তে বাঁহৰ খুটা ব্যৱহাৰ কৰি অতি বিপদসংকুল ভাবে বৃহত্তৰ এলেকাটোত বিদ্যুৎ যোগান ধৰি আহিছে। যাৰ ফলত যিকোনো সময়তে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত ভুগিছে সৰ্বসাধাৰণ ৰাইজে । ৰাইজে বাঁহৰ খুটাৰ পৰিৱৰ্তে পকী খুটাৰ ব্যৱস্থা আৰু হাবি জংঘল চাফা কৰি দিবলৈ বিভাগীয় কৰ্মচাৰীক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰাত অৱশেষত বাধ্য হৈ ৰাইজে বিদ্যুৎ বিভাগৰ অকৰ্মন্য কৰ্মচাৰীলৈ বাট নাচাই হাতে হাতে দা লৈ নিজেই কাটি চাফা কৰিবলৈ বাধ্য হ’ল জংঘল । ৰাইজৰ প্ৰশ্ন বিদ্যুৎ বিভাগে জংঘলৰ মাজেৰে সংযোগ কৰা উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাৰত পৰা কোনো ভয়ংকৰ ঘটনা সংঘটিত হলে দায়ী হ’ব কোন ? যাৰ বাবে এই সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে লৈ সমাধানৰ দাবী জনাইছে সচেতন মহলে৷

বটদ্ৰৱাত বাঁহৰ খুটাৰে যোগান ধৰিছে বিদ্যুৎ

ABOUT THE AUTHOR

...view details