অসম

assam

ETV Bharat / state

ভূ-মাফিয়াৰ কৱলত বটদ্ৰৱাৰ 500 বিঘাৰো অধিক ভূমিঃ নিৰ্লিপ্ত প্ৰশাসন, নিৱৰ আৰক্ষী !!

ভূমি বেদখলকাৰীয়ে বটদ্ৰৱাৰ ৫০০ বিঘাৰো অধিক চৰকাৰী ভূমি বেদখল কৰি থকাৰ অভিযোগ । বটদ্ৰৱা থান পৰিচালনা সমিতি, বিভিন্ন দল সংগঠন তথা সচেতন জনসাধাৰণে অচিৰেই বটদ্ৰৱাৰ এই ঐতিহাসিক ঠাইসমূহ বেদখলমুক্ত কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে ।

By

Published : Jun 19, 2019, 11:15 PM IST

ভূ-মাফিয়াৰ তাণ্ডৱে বিপদ মাতিছে গুৰুজনাৰ জন্মস্থানত !

বটদ্ৰৱা,১৯জুনঃ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাত ভূ-মাফিয়া আৰু বেদখলকাৰীৰ দপদপনি।বটদ্ৰৱা থান পৰিচালনা সমিতিৰ অভিযোগ অনুসৰি,বটদ্ৰৱা থানৰ ১৮৩ বিঘা ভূমি ইতিমধ্যে বেদখল মুক্ত কৰা হৈছে যদিও এতিয়াও বেদখলকাৰীৰ কৱলত আছে প্ৰায় ৫০০ বিঘা চৰকাৰী ভূমি । ইয়াকে লৈ এতিয়া জাঙুৰ খাই উঠিছে বটদ্ৰৱা থান পৰিচালনা সমিতি,সচেতন লোকৰ লগতে বিভিন্ন দল সংগঠনসমূহ ।

ভূ-মাফিয়াৰ তাণ্ডৱে বিপদ মাতিছে গুৰুজনাৰ জন্মস্থানত

দীৰ্ঘ দিন ধৰি বটদ্ৰৱাৰ সমীপৱৰ্তী শান্তিজান বজাৰত ৫ বিঘা মাটি, বৰহিছাত ১২৩ বিঘা, হাইডুবি পথাৰত আশী বিঘা,কৃষি বীজপামৰ ১৫০ বিঘা,ভোমোৰাগুৰি ৰিজাৰ্ভত ১০ বিঘা মাটিৰ লগতে ৰামপুৰ সত্ৰ, খলিহামাৰি ৰিজাৰ্ভ আৰু বগৰীগুৰি ৰিজাৰ্ভৰ প্ৰায় ৫০০ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে । বেদখলকৃত মাটিত নিশা ভিতৰতে সজা হৈছে এটাৰ পিছত আনটো ঘৰ । কেৱল ঘৰ সাজিয়ে ক্ষান্ত নাথাকি বেদখলকাৰীয়ে খান্দিছে বৃহৎ বৃহৎ আকাৰৰ পুখুৰী । আৰক্ষী প্ৰশাসনৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ গ্ৰহণকৰি স্থানীয় এটা দুষ্ট ভূমাফিয়া চক্ৰই মুকলিকৈ ধনৰ বিনিময়ত চৰকাৰী ভূমিত বাহৰ পাতিবলৈ অনুমতি দিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । লগতে চৰকাৰী ভূমিত এইদৰে বাহৰ পাতি খনন চলোৱাৰ ফলত কৃষিজীৱী অঞ্চলটোৰ খেতিয়কৰ জীৱনলৈ নামি আহিছে তীব্ৰ সংকট । কাৰণ এই চৰকাৰী ভূমিত বৃহৎ আকাৰৰ পুখুৰীৰে ভৰি পৰাত বাৰিষাৰ দিনত কৃষি ভূমিত বানপানী সৃষ্টি হোৱাৰ প্ৰচুৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । সেয়ে সময় থাকোঁতেই চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে থানা পৰিচালনা সমিতি, সচেতন জনসাধাৰণকে ধৰি বিভিন্ন দল-সংগঠনে ।

ABOUT THE AUTHOR

...view details