অসম

assam

বটদ্ৰৱাত দুই যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত,পৰিয়ালৰ সহায় ভিক্ষা

By

Published : Jun 21, 2019, 2:23 PM IST

নিয়তিৰ নিষ্ঠুৰ পৰিহাসত পৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰা একে ঘৰৰ দুগৰাকীকৈ যুৱকৰ কৰুণ বাস্তৱ কাহিনী। অসহায় পিতৃ-মাতৃ । পৰিয়ালৰ সহায় ভিক্ষা ৷

বটদ্ৰৱাত দুই যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত, পৰিয়ালৰ সহায় ভিক্ষা

বটদ্ৰৱা,21জুনঃ বটদ্ৰৱাৰ ভেটিয়নী গাঁৱৰ দুই যুৱকৰ কৰুণ কাহিনী। বিগত চাৰি-পাচ বছৰ ধৰি একে ঘৰৰে অৰূপ বৰা আৰু দেৱজিৎ বৰা হৈ পৰিছে অচল। কিয়নো দুই যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত। শৰীৰৰ যিকোনো অংশ হাত-ভৰি বিকল হৈ যোৱা ফলত যুৱক দুজনে ভালদৰে খোজকাঢ়িব নোৱাৰে। জীয়াই থকাৰ অদম্য আশা মনত পুহি ৰখা যুৱক দুজনৰ এতিয়া ঘৰৰ ভিতৰতে একমাত্ৰ বিছনাখনক সংগী কৰি দিন কটাবলগীয়া হৈছে। পিতৃ দেৱেন বৰা আৰু মাতৃ যোগমাই বৰাৰ দুই পুত্ৰৰ এতিয়া সৰ্বশৰীৰ, হাত-ভৰি অচল হৈ পৰাত চিন্তাত ভাগি পৰিছে পৰিয়ালটো। অভাৱৰ মাজতো জীয়াই থাকিব বিচাৰে এই দুই যুৱকে । এতিয়া দুই পুত্ৰৰ চিকিৎসাৰ বাবে পিতৃ-মাতৃয়ে বৰ্তমান চৰকাৰ আৰু বিভিন্ন দল সংগঠনৰ লগতে কোনো হৃদয়বান লোকৰ সহায় বিচাৰিছে। দুৰ্ভগীয়া পৰিয়ালটোক কোনো সদাশয় ব্যক্তি অথবা প্ৰতিষ্ঠানে ষ্টেট বেংকৰ 7237029043901 একাউন্ট নম্বৰত সহায় আগবঢ়াব পাৰিব।

বটদ্ৰৱাত দুই যুৱক দুৰাৰোগ্য ৰোগত আক্ৰান্ত, পৰিয়ালৰ সহায় ভিক্ষা

ABOUT THE AUTHOR

...view details