অসম

assam

প্লাষ্টিকমুক্ত ভাৰতৰ সপোনত বিভোৰ এজাক যুৱক-যুৱতী

By

Published : Dec 4, 2019, 7:58 PM IST

ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে চলি আছে পলিথিনমুক্ত ভাৰতৰ অভিযান ৷ ইয়াৰ সমান্তৰালকৈ অসমতো চলি আছে এই অভিযান ৷ বুধবাৰে ধিঙৰ কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ঘূৰি ফুৰা দেখা গ’ল ৰাজপথ আৰু দোকানত ৷ তেওঁলোকৰ উদ্দেশ্য প্লাষ্টিকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা ৷

কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য প্লাষ্টিকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাতো
প্লাষ্টিকমুক্ত ভাৰতৰ সপোনত বিভোৰ এজাক যুৱক-যুৱতী

বটদ্ৰৱা, 4 ডিচেম্বৰ: সম্প্ৰতি ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে চলি আছে পলিথিনমুক্ত ভাৰতগঢ়াৰ অভিযান ৷ ইয়াৰ সমান্তৰালকৈ অসমতো চলি আছে এই অভিযান ৷ বুধবাৰে ধিঙৰ কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ঘূৰি ফুৰা দেখা গ’ল ৰাজপথ আৰু দোকানত ৷ তেওঁলোকৰ উদ্দেশ্য প্লাষ্টিকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰা ৷ স্মৰ্তব্য যে,মহাত্মা গান্ধীৰ 150 সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ বিৰুদ্ধে সমগ্ৰ ভাৰততে এই অভিযান চলি আছে ৷ কটহগুৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় দোকানসমুহলৈ গৈ প্লাষ্টিক পলিথিনৰ পৰিৱৰ্তে কাগজ আৰু কাপোৰৰ মোনা ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় ৷

ধিঙক পলিথিন মুক্ত কৰাৰ প্ৰয়াসেৰে ছাত্ৰ-ছাত্ৰীসকলে এক শোভাযাত্ৰা বাহিৰ কৰে ৷ তদুপৰি হাতে হাতে প্লে-কাৰ্ড লৈ জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে পথত পৰি থকা প্লাষ্টিক বুটলি দেখুৱালে স্বচ্ছতাৰ নিদৰ্শন ৷ দলটোৱে কটহগুৰী বজাৰত উপস্থিত হৈ খুচুৰা ব্যৱসায়ী, গ্ৰাহকক সাক্ষাৎ কৰি ব্যাখ্যা কৰে প্লাষ্টিকৰ ভয়াৱহতা । আনহাতে, সকলোকে প্লাষ্টিক বৰ্জনৰ বাবে আহ্বান জনোৱাৰ লগতে বজাৰ পৰিচালনা সমিতিকো প্লাষ্টিক নিষিদ্ধ কৰিবলৈ অনুৰোধ জনায় ছাত্ৰ-ছাত্ৰীসকলে । যুৱসমাজৰ প্ৰতিনিধি হিচাপে দলটোৰ এই কাৰ্যক সঁহাৰি জনায় স্থানীয় লোকে ।

প্লাষ্টিকমুক্ত ভাৰতৰ সপোনত বিভোৰ এজাক যুৱক-যুৱতী

লগতে চাওক:খাৰুপেটীয়াত প্ৰথমবাৰৰ বাবে মালচিং পদ্ধতিৰে খেতি শিক্ষিত যুৱক যুৱতীৰ

ABOUT THE AUTHOR

...view details