অসম

assam

ETV Bharat / state

বঢ়মপুৰৰ দুই শিল্পীৰ দুচকুত চকুলো ! - গিৰীশ বৰা আৰু হেমেন্দ্ৰ নাথ

৩২ বছৰে ভাওনাৰ সাজ-পোচাক,মুখা নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰা বঢ়মপুৰৰ দুই শিল্পীৰ দুচকুত এতিয়া চকুপানী । অসহায় দুই শিল্পী ৷

বঢ়মপুৰৰ দুই শিল্পীৰ দুচকুত চকুলো

By

Published : Nov 7, 2019, 10:33 AM IST

বঢ়মপুৰ, 7 অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি হৈছে ভাওনা। শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱৰ আগমণৰ লগে লগে নামঘৰে নামঘৰে বৃদ্ধি পাইছে খোল তালৰ শব্দৰ লগতে ভাওনাৰ আখৰা । ভাওনাত ভাৱৰীয়া সকলৰ ভাও চাই আমি আমোদ লওঁ যদিও কিমান জনে মনত ৰাখে ভাওনাৰ আঁৰৰ শিল্পীসকলক । মহাপুৰুষজনাৰ অমৰ সৃষ্টিক জীয়াই ৰখাৰ বাবে দুখ বেদনাৰ মাজৰে অপ্ৰাণ চেষ্টা চলাই আহিছে নগাঁও জিলাৰ কামপুৰৰ দুই শিল্পীয়ে ৷

নগাঁও জিলাৰ কামপুৰৰ দুই শিল্পীৰ কৰুণ গাথা

নগাঁও জিলাৰ কামপুৰৰ এই দুই শিল্পীৰ নাম হৈছে গিৰীশ বৰা আৰু হেমেন্দ্ৰ নাথ । দুয়ো বিগত ৩২ বছৰে ভাওনাৰ সাজ-পোছাক,মুখা নিৰ্মাণ কৰাৰ লগতে খনিকৰ হিচাবে কাম কৰি মহাপুৰুষৰ অমৰ সৃষ্টি ভাওনাক জীয়াই ৰখাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আহিছে ৷ কামপুৰৰ লগতে সমগ্ৰ নগাওঁ জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ভাওনাত ভাওৰীয়াৰ সাজ যোগান ধৰাৰ লগতে খনিকৰ হিচাপে সেৱা আগবঢ়াই অতি কষ্টৰে পোহপাল দি আহিছে পৰিয়াল ৷ কিন্তু জীৱনটো শিল্প সাধনাত ব্যস্ত থকা শিল্পীদ্বয়ৰ বাবে চিন্তা চৰ্চা কৰিবলৈ আহৰি নাই চৰকাৰৰ ।

আনকি বেংকত ঋণ বিচাৰি গ’লেও এই কৰ্মৰ বাবে বিমোখ কৰি পঠিয়াই বেংক কৰ্তৃপক্ষই। সেয়ে চৰকাৰলৈ তেওঁলোকৰ আহ্বান আৰ্থিকভাৱে সহায় কৰাৰ বাবে ৷

ABOUT THE AUTHOR

...view details