অসম

assam

ETV Bharat / state

আবতৰীয়া বানত ডুবিল বঢ়মপুৰৰ বিস্তীৰ্ণ অঞ্চল - বঢ়মপুৰৰ কচুৱা মাধৱপাৰা

বৰপানী নৈৰ বাঢ়নী পানীয়ে ভাঙি নিলে বঢ়মপুৰৰ কচুৱা মাধৱপাৰা মথাউৰি ৷ দুদিন ধৰি হোৱা আবতৰীয়া নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰে বিস্তীৰ্ণ অঞ্চল ৷

আবতৰীয়া বানত ডুবিল বঢ়মপুৰৰ বিস্তীৰ্ণ অঞ্চল

By

Published : Oct 26, 2019, 8:41 PM IST

Updated : Oct 26, 2019, 8:53 PM IST

বঢ়মপুৰ, 26 অক্টোবৰঃ বৰপানী নৈৰ বাঢ়নী পানীয়ে ভাঙি নিলে বঢ়মপুৰৰ কচুৱা মাধৱপাৰা মথাউৰি ৷ দুদিন ধৰি হোৱা আবতৰীয়া নেৰানেপেৰা বৰষুণৰ ফলত বৰপানী নৈৰ পানী বৃদ্ধি হৈ কচুৱা মাধৱপাৰা মথাউৰি চিঙি যোৱাত জলমগ্ন হৈ পৰে বিস্তীৰ্ণ অঞ্চল ৷ বঢ়মপুৰ অঞ্চলৰ কচুৱা, মাধৱপাৰা,ৰমনীপথাৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বুৰাই পেলাই বৰপানী নৈৰ বাঢ়নী পানীয়ে ৷ এই আবতৰীয়া বানে হাঁহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে কৃষকসকলৰ মাজত ৷ অতি শীঘ্ৰেই প্ৰশাসনৰ সহায় বিচাৰিছে ভুক্তভোগী ৰাইজে ৷

আবতৰীয়া বানত ডুবিল বঢ়মপুৰৰ বিস্তীৰ্ণ অঞ্চল
Last Updated : Oct 26, 2019, 8:53 PM IST

ABOUT THE AUTHOR

...view details