অসম

assam

By

Published : Mar 10, 2021, 4:50 PM IST

ETV Bharat / state

মনোনয়ন দাখিল কৰিলে বঢ়মপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে

বঢ়মপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে আজি মনোনয়ন দাখিল কৰে ৷ দীৰ্ঘসময় ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজৰ দখলত ৰাখিছিল সমষ্টিটো ৷ কিন্তু মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ বাবে এইবাৰ সমষ্টিটো অগপই বিজেপিক এৰি দিয়ে ৷ যাৰ ফলস্বৰূপে সমষ্টিটোৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰে বিজেপিৰ জিতু গোস্বামীয়ে ৷

মনোনয়ন দাখিল কৰিলে বঢ়মপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে
মনোনয়ন দাখিল কৰিলে বঢ়মপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে

নগাঁও,10 মাৰ্চ: অগপৰ দুৰ্গ হিচাপে পৰিচিত বঢ়মপুৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে আজি মনোনয়ন দাখিল কৰে ৷ দীৰ্ঘসময় ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজৰ দখলত ৰাখিছিল সমষ্টিটো ৷ কিন্তু মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ বাবে এইবাৰ সমষ্টিটো অগপই বিজেপিক এৰি দিয়ে ৷ যাৰ ফলস্বৰূপে সমষ্টিটোৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰে বিজেপিৰ জিতু গোস্বামীয়ে ৷

মনোনয়ন দাখিল কৰিলে বঢ়মপুৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে

উল্লেখ্য যে, প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত অগপ নেতা নিৰঞ্জন বৰাক লগত লৈ নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে জিতু গোস্বামীয়ে । মনোনয়ন দাখিল কৰাৰ পাচতে জিতু গোস্বামীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ তেওঁ কয়, শাৰীৰিক অসুস্থতাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই দলে ৷ নিৰ্বাচনত বিপুল ভোটত জয় হ'ব বুলিও এক মন্তব্য প্ৰকাশ কৰে জিতু গোস্বামীয়ে ।

লগতে পঢ়ক:তুংগত উঠিছে বাক্সা প্ৰশাসনৰ নিৰ্বাচনী প্ৰস্তুতি

ABOUT THE AUTHOR

...view details