অসম

assam

ETV Bharat / state

নগাঁৱত বন্ধন বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ গ্ৰাহকৰ - নগাঁও

বৃহস্পতিবাৰে নগাঁৱৰ পানীগাঁওস্থিত বন্ধন বেংকত গ্ৰাহকৰ মাজত হুলস্থুলীয়া পৰিৱেশ ৷ প্ৰাপ্য ধন বেংক কৰ্তৃপক্ষই প্ৰদান নকৰাৰ অভিযোগ তুলিছে একাংশ গ্ৰাহকে ৷

bandhan bank issue
বন্ধন বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ

By

Published : Jan 8, 2021, 1:48 PM IST

চামগুৰি,8 জানুৱাৰী : নগাঁৱৰ পানীগাঁওস্থিত বন্ধন বেংকত বৃহস্পতিবাৰে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷ বেংকৰ শাখাটোত গ্ৰাহকসকলে নিজ নিজ একাউণ্টত সোমোৱা ধন বিচাৰি সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থিতিৰ ৷

বন্ধন বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ

জানিব পৰা মতে, ৰিজাৰ্ভ বেংকৰ পৰা বন্ধন বেংকৰ গ্ৰাহকলৈ অহা কিছু টকা গ্ৰাহকৰ অনুমতি অবিহনেই সোমোওৱা হৈছে গ্ৰাহকৰ একাউণ্টত ৷ কিন্তু একাউণ্টৰ পৰা টকা উলিয়াবলৈ যোৱাৰ পাচতো বেংক কৰ্তৃপক্ষই টকা নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকসকলে ৷

ইফালে গ্ৰাহকৰ অভিযোগ খণ্ডন কৰি বেংক কৰ্তৃপক্ষই কয় যে, গ্ৰাহকৰ একাউণ্টত Emergency Credit Line নামেৰে এটা ঋণ সোমাইছে ৷ এই ঋণৰ জৰিয়তে গ্ৰাহকসকলৰ লেনদেন সুশৃংখলিত হোৱাৰ ব্যৱস্থা কৰা হৈছে ৷

লগতে পঢ়ক :বাইহাটাত ক’ভিড হাস্পতালৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ

ABOUT THE AUTHOR

...view details