অসম

assam

ETV Bharat / state

আজাদী কি অমৃত মহোৎসৱত নগাঁৱৰ ১৪ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা - azadi ki amrit mohotsov celebrate at nagaon

ব্ৰহ্মপুত্ৰ ভেলী ফৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেডৰ উদ্যোগত আজাদী কা অমৃত মহোৎসৱ অনুষ্ঠানৰ আয়োজন । নগাঁৱৰ ১৪ জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা ।

azadi ki amrit celebrate at nagaon
আজাদি কি অমৃত মহোৎসৱত নগাঁৱৰ ১৪ গৰাকী বিশিষ্ট ব্যক্তি সম্বৰ্ধিত

By

Published : Oct 3, 2021, 6:27 PM IST

নগাঁও, 3 অক্টোবৰ : ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা আজাদী কা অমৃত মহোৎসৱৰ এক অনুষ্ঠান দেওবাৰে নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় । ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড, নামৰূপৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত নগাঁৱৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ১৪ গৰাকী বিশিষ্ট ব্যক্তিক ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

আজাদি কি অমৃত মহোৎসৱত নগাঁৱৰ ১৪ গৰাকী বিশিষ্ট ব্যক্তি সম্বৰ্ধিত

সম্বৰ্ধনা জনোৱা ব্যক্তি সকল হ’ল, সমাজকৰ্মী মুকুট ভূঞা, শংকৰী সাহিত্যৰ গবেষক তিলক চন্দ্ৰ মজুমদাৰ, সাহিত্যিক উপেন্দ্ৰ বৰকটকী, ৰতিমোহন নাথ, চলচিত্ৰ পৰিচালক অৰূপ মান্না, সাংবাদিক যাদব শইকীয়া, কনক হাজৰিকা, নাট্যকাৰ গম্ভীৰ শইকীয়া, লোক শিল্পী গোলাপ বৰা, সমালোচক ডঃ সঞ্জীৱ বৰকাকতি, নগাঁও নাট্য মন্দিৰৰ সভাপতি যুক্তি নাথ খাউণ্ড, সংগীত শিল্পী কৃষ্ণ দুলাল বৰুৱা, সমাজ সেবী ৰঞ্জিত তামুলী ফুকন আৰু গ্ৰন্থ প্ৰকাশক কৈলাশ ৰাজখোৱা ।

আজাদি কি অমৃত মহোৎসৱ উদযাপন

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ প্ৰবন্ধক পবিত্ৰ কুমাৰ শৰ্মাই এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে ৷ এই অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশ গ্ৰহণ কৰি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰে গ্ৰহণ কৰা প্ৰদক্ষেপক প্ৰশংসা কৰে ৷ লগতে তেওঁ কয় যে, সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ব্যক্তি সকলক সন্মান প্ৰদৰ্শন কৰি এক উল্লেখনীয় কাম কৰিছে । এনে সন্মানে তেওঁলোকক অধিক কাম কৰিবৰ বাবে প্ৰেৰণা যোগাব ।

অনুষ্ঠানত সমাজ কৰ্মী অমিতাভ বৰা, ফাৰ্টিলাইজাৰ উপ মহাপ্ৰবন্ধক অসীম কুমাৰ দত্তই অংশ গ্ৰহণ কৰে । প্ৰাঞ্জল মহন্তই আঁত ধৰা অনুষ্ঠানত নগাঁও প্ৰেছ ক্লাবৰ সম্পাদক অজিত শইকীয়া, সাংবাদিক চন্দন জ্যোতি বৰাকে ধৰি বহুকেইজন সাংবাদিক উপস্থিত থাকে ।

লগতে পঢ়ক:ভেংকায়া নাইডুৱে উদ্বোধন কৰিলে মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ

ABOUT THE AUTHOR

...view details