নগাঁও, 15 নৱেম্বৰ :ড্ৰাগছৰ বিৰুদ্ধে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সজাগতা সমদল । নগাঁৱত এটাৰ পাচত এটাকৈ ড্ৰাগছৰ ঘাটি উচ্ছেদৰ সময়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদে।
নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সমদল - drugs
মদ, ভাং, ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰ দাবীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সমদল ৷ নগাঁৱৰ ৰূপহীত সংগঠনটোৱে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰে এই পদক্ষেপ ।
দেওবাৰে নগাঁৱত সংগঠনটোৱে ড্ৰাগচৰ বিৰুদ্ধে সজাগতামূলক সমদল উলিয়ায় । নগাঁৱৰ ৰূপহীত সংগঠনটোৱে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰে এই পদক্ষেপ । মদ, ভাং, ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক কাৰ্যকলাপ বন্ধ কৰাৰো দাবী উত্থাপন কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। ইয়াৰ উপৰিও ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে নানা শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিবেশ। এই সজাগতামূলক সমদলত স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক:জালুকবাৰীত দাউদাউকৈ জ্বলিল পথৰ দাঁতিত ৰখাই থোৱা বাহন