অসম

assam

নেলীৰ কথাৰ বিৰুদ্ধে কোনে কৰিছে ষড়যন্ত্ৰ ? কি ক’লে পৰিচালক পাৰ্থজিৎ বৰুৱাই

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 3:25 PM IST

Conspiracy against The nellie story: নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ছবি "নেলীৰ কথা" ৮ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে । পার্থজিৎ বৰুৱাৰ পৰিচালনাত নিৰ্মিত ছবিখনৰ বিৰুদ্ধে এতিয়া নামি পৰিছে এটা চক্ৰ ৷ ছবিখনৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ উমান পাইছে পৰিচালকগৰাকীয়ে ৷ এই সন্দৰ্ভত কি ক’লে পার্থজিৎ বৰুৱাই চাও আহক এই প্ৰতিবেদনত ৷

Assamese film The nellie story Director Parthajit Barua's  Special interview with ETV BHARAT ASSAM
পাৰ্থজিৎ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

পাৰ্থজিৎ বৰুৱাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

নগাঁও, ১১ ডিচেম্বৰ: ৮ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে অসমীয়া ছবি ‘নেলীৰ কথা’ ৷ কিন্তু মুক্তিৰ পিচতে এতিয়া ছবিখনৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামি পৰিছে এটা চক্ৰ । ১৯৮৩ চনত সংঘটিত নেলীৰ গণহত্যাক মূল বিষয় হিচাপে লৈ নিৰ্মাণ কৰা ছবি নেলীৰ কথা বহু দৰ্শকে আকোৱালি লোৱাৰ বিপৰীতে একাংশই ছবিখনৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ গোন্ধ পাইছে ছবিখনৰ পৰিচালক পাৰ্থজিৎ বৰুৱাই ।

ইতিমধ্যে এই ছবিখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছে যদিও অসমত ছবিখনৰ বিৰুদ্ধে একাংশই ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি আক্ষেপ প্ৰকাশ কৰিছে ছবি নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই । কেৱল মানৱতাৰ জয়গানেৰে ইতিবাচক বাৰ্তা বিলোৱাৰ উদ্দেশ্যে নিৰ্মাণ কৰা ছবি নেলীৰ কথাক লৈ ই টি ভি ভাৰতৰ এক বিশেষ সাক্ষাৎকাৰত পাৰ্থজিৎ বৰুৱাই কয়, ‘‘এই ছবিখনৰ বিৰুদ্ধে এটা চক্ৰান্ত চলা যেন মোৰ অনুভৱ হয় ৷ কিন্তু কোনে এই চক্ৰান্ত চলাইছে সেয়া মই গ’ম নাপাওঁ ৷ মোৰ দুখ লাগিছে মই নেলীৰ কথা ছবিখনৰ জৰিয়তে সমাজখনক এক ইতিবাচক বাৰ্তা দিব বিচাৰিছো ৷ কিন্তু মই চৰকাৰ বিৰোধী, কোনো দল-সংগঠন বিৰোধী বা কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে এই ছবিখন বনোৱা নাই ৷ তথাপিও মই এই ছবিখনৰ বিৰুদ্ধে চক্ৰান্তৰ গোন্ধ পাইছো ৷ কিন্তু ৰাইজে ছবিখন চালে গ’ম পাব যে মই সমাজত এটা ইতিবাচক বাৰ্তা বিলোৱাৰ উদ্দেশ্যেহে এই ছবিখন নিৰ্মাণ কৰিছো ৷’’

উল্লেখ্য যে, ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁৱৰ (বৰ্তমানে মৰিগাঁও জিলা) নেলীত সংঘটিত হোৱা সেই হৃদয়বিদাৰক ঘটনাক আজিও অসমবাসীয়ে পাহৰিব পৰা নাই । নেলীৰ আকাশত যেন এতিয়াও বিয়পি আছে সেই লোকসকলৰ আর্তনাদ । বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰই নেলীৰ ঘটনাটোৰ বিষয়ে জানিবলৈ গুৱাহাটী মহানগৰীৰ পৰা নেলীৰ ভিতৰুৱা মুছলিম আৰু তিৱা গাঁওসমূহলৈ গৈছিল আৰু বহু নজনা কথা জানিব পাৰিছিল আৰু এই ঘটনাকে আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা হৈছে ‘নেলীৰ কথা’ ছবিখন ।

চানলিষ্ট ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পাৰ্থজিৎ বৰুৱাৰ । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অৰ্ঘদ্বীপ বৰুৱাই । ইয়াৰ উপৰিও ছবিখনত অভিনয় কৰিছে সুদৰ্শন নাথ, স্বাগতা ভৰালী, ধনঞ্জয় দেৱনাথ, ৰয়ন্তী ৰাভা, মহেন্দ্ৰ দাস, সপোনটি বৰদলৈ, ড৹ আশা কোঠাৰী চৌধুৰী, সুনয়না দত্ত, মুকুট চন্দ্ৰ ভূঞা, সমৰ জ্যোতি চৰকাৰ, মিণ্টু বৰুৱা, বৈষবী বৰা, সঞ্জীৱনী বৰা, ত্ৰিদিশা আৰ. পৰাশৰ, সুস্মিতা শইকীয়া, পুনীৰাম শইকীয়া, লক্ষ্য জ্যোতি শইকীয়া আৰু ৰূপম শইকীয়াই ৷

লগতে পঢ়ক:২৯তম কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি নেলীৰ কথা

ABOUT THE AUTHOR

...view details