অসম

assam

ETV Bharat / state

নগাঁৱত পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ - নগাঁও

গৰু বিহুৰ নিশা মিউজিক চিষ্টেমৰ বাবে পিতৃয়ে হত্যা কৰিলে নিজ পুত্ৰক

নগাঁৱত পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ

By

Published : Apr 15, 2019, 12:50 PM IST

নগাঁও, 15 এপ্ৰিলঃ গৰু বিহুৰ নিশা নগাঁৱৰ ৰহাৰ বাৰপুজীয়াৰ অমৰাৱতী গাঁৱত সংঘটিত হ'ল এক লোমহৰ্ষক ঘটনা ৷ পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে গৰু বিহুৰ নিশা ঘৰত উচ্চ স্তৰত মিউজিক চিষ্টেম বজাই মদ্যপান কৰি থকা অৱস্থাত কনিষ্ঠ পুত্ৰ সোনমণি নাথে ঘৰলৈ হুঁচৰি দল অহাৰ বাবে মিউজিক চিষ্টেমৰ শব্দ কমাবলৈ কয় ৷ কিন্তু পিতৃ নিজে উঠি নগৈ মিউজিক চিষ্টেমটো পুত্ৰক কমাবলৈ কয় ৷

নগাঁৱত পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল পুত্ৰৰ

সোনমণিয়ে ভলিউম কমাবলৈ কোঠাত প্ৰৱেশ কৰোতে পিতৃ ডম্বৰু নাথে দাৰে উপৰ্যুপৰি পুত্ৰক ঘপিয়াই ৷ সোনমণিয়ে একো তত ধৰিব নোৱাৰি মাথো চিঞৰি বাহিৰলৈ দৌৰ মাৰে। পুত্ৰৰ চিঞৰত মাতৃয়ে বাহিৰলৈ ওলাই আহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি ওচৰ-চুবুৰীয়াক মাতে ৷ ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হৈ পিতৃ ডম্বৰু নাথক আটক কৰে ৷ আনহাতে দাৰ ঘাপত আহত সোনমণিক ৰাইজে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও নিশা 2 বজাত মৃত্যুক আকোঁৱালি লয় ৷ ইফালে ৰাইজৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পিতৃকো নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৷

ABOUT THE AUTHOR

...view details