নগাঁও, 3 মেঃ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ তুলসি মুখ বুঢ়া গোঁসাই গাঁৱত৷ কাৰণ সতীৰ্থৰ গুলিত মৃত্যুক আকোৱালি লবলগীয়া হ'ল অসম আৰক্ষীৰ সাত নম্বৰ বেটেলিয়ানৰ উপ পৰিদৰ্শক ভোলানাথ দাসে৷ ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি লোকসভা নিৰ্বাচনত নিৰাপত্তাৰ দায়িত্ব লৈ অসমৰ পৰা পশ্চিমবংগৰ হাওড়ালৈ যোৱা অসম আৰক্ষীৰ এটা দলৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে৷
বংগত সতিৰ্থৰ 18 জাই গুলিত নিহত কৰ্তব্যৰত অসমৰ জোৱান - etv bharat
উল্লেখ্য যে অসম আৰক্ষীৰ সাত নম্বৰ বেটিলিয়নৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজ ইনচাছ ৰাইফেলেৰে সতীৰ্থ জোৱান সকলক লক্ষ্য কৰি ধাৰাষাৰে গুলিবৰ্ষণ কৰে । জোৱানজনৰ 18 জাই গুলিত থকা-সৰকা ভোলানাথ দাস৷
পৰৱৰ্তী সময়ত কাজিয়াই এক ভয়াৱহ ৰূপ লয় আৰু অসম আৰক্ষীৰ সাত নম্বৰ বেটেলিয়ানৰ জোৱান লক্ষ্মীকান্ত বৰ্মনে নিজ ইনচাছ ৰাইফেলেৰে সতীৰ্থ জোৱান সকলক লক্ষ্য কৰি ধাৰাষাৰে গুলিবৰ্ষণ কৰে । মুঠ 18 জাঁই গুলি চালনা কৰাৰ ফলত অসম ৰাইফেলছৰ উপ পৰিদৰ্শক ভোলানাথ দাস থিতাতে নিহত হোৱাৰ লগতে গুলিবদ্ধ হৈ ৰন্তোমনি মোধক আৰু অনিল ৰাজবংশী নামৰ জোৱান দ্বয় গুৰুতৰভাৱে আহত হয়৷ আহত জোৱান দ্বয় বৰ্তমান চিকিৎসাধীন বুলি জানিব পৰা গৈছে৷
আনহাতে ভোলানাথ দাসৰ মৃত্যুৰ খবৰ পাই নগাঁৱৰ তুলসি মুখ বুঢ়া গোঁসাই গাঁৱৰ ঘৰখনৰ লগতে সমগ্ৰ গাঁওখনতে শোকাকুল পৰিৱেশে বিৰাজ কৰে৷ অতিশীঘ্ৰে ভোলানাথ দাসৰ মৃত শৰীৰ পৰিয়ালৰ লোকক উভতাই অনিবলৈ অসম আৰক্ষীক প্ৰাৰ্থনা পৰিয়ালৰ লোকৰ লগতে হত্যাকাৰী জোৱানক দৃষ্টান্ত মূলক শাস্তী দিয়াৰ দাবী কৰে গাঁওবাসীয়ে৷