অসম

assam

By

Published : Apr 30, 2019, 10:04 AM IST

ETV Bharat / state

অন্ধ বিশ্বাসঃ মেছেজ বিলাই ফুৰিছে বিধায়ক নুৰুল হুদাই

"মেছেজটো 13 জনলৈ প্ৰেৰণ কৰক ৷ দুঘণ্টাৰ ভিতৰে পূৰণ হ'ব মনৰ আশা" কোনো অশিক্ষিত-অজ্ঞ মানুহে প্ৰেৰণ কৰা নাই এনেধৰণৰ মেছেজ ৷ এগৰাকী বিধায়কে ফৰৱাৰ্ড কৰি ফুৰিছে এটা মেছেজ ৷

অন্ধ বিশ্বাসৰ বলি বিধায়ক নুৰুল হুদা


নগাঁও, ৩০ এপ্ৰিলঃ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই হোৱাটছ্ এপ্ যোগে বিভিন্ন গ্ৰপত প্ৰেৰণ কৰা এক আজৱ মেছেজে তোলপাৰ লগাইছে ইছলাম ধৰ্মীয় ইমাম সমাজত । মনৰ আশা পূৰণ হ'ব বুলি মেছেজ বিলাই ফুৰিছে বিধায়কজনে ৷
অন্ধ বিশ্বাস আৰু ভুৱা প্ৰচাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সময়ে সময়ে গ্ৰহণ কৰা হয় নানা পদক্ষেপ। তেনে সময়তে এগৰাকী বিধায়কেই অন্ধ বিশ্বাস আৰু ভুৱা বাতৰি প্ৰচাৰত ব্যস্ত হৈ পৰিছে । মনৰ আশা পূৰণৰ বাবে বিধায়কজনে whatsapp গ্ৰুপে গ্ৰুপে প্ৰেৰণ কৰিছে বাৰ্তা ।

অন্ধ বিশ্বাসৰ বলি বিধায়ক নুৰুল হুদা

বাৰ্তাটোত "মছজিদত নাহাঁহিব, হাঁহিলে আল্লাহ অসন্তুষ্ট হয়" আদি আহ্বান জনোৱা হৈছে । বাৰ্তাটোৰ শেষৰফালে উল্লেখ আছে এই মেছেজটো 13 জনক প্ৰেৰণ কৰিলে দুই ঘণ্টাৰ ভিতৰত পূৰণ হ'ব মনৰ আশা । এগৰাকী বিধায়কৰ এই কাণ্ডত এতিয়া ইছলাম ধৰ্মীয় সমাজ তথা সচেতন মহলত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷

অধিক জানিবলৈ-সাংবাদিকক জেৰা আগৰতলা আৰক্ষীৰ

ABOUT THE AUTHOR

...view details