অসম

assam

ETV Bharat / state

ভোট গণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন - কলিয়াবৰ মহকুমা প্ৰশাসন

পুৱা সাত বজাৰ পৰা মুঠ 14 খন টেবুলত ১৯১ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গণনা আৰম্ভ হ'ব। প্ৰতিখন টেবুলত এজনকৈ পৰ্যবেক্ষক, সহকাৰী পৰ্যবেক্ষকৰ লগতে থকিব সুক্ষ্ম অৱলোকনকাৰী । ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সুক্ষ্ম অৱলোকনকাৰীসকল ভাৰত চৰকাৰৰ বিষয়া অথবা ভাৰত চৰকাৰৰ উপক্ৰম বা অভিকৰণৰ হ'ব লাগিব । সেয়ে কলিয়াবৰ মহকুমাত বেংক বিষয়াক এই দায়িত্ব দিয়া হৈছে বুলি মহকুমাধিপতিয়ে জানিবলৈ দিয়ে ।

লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন

By

Published : May 19, 2019, 4:38 PM IST


কলিয়াবৰ, 19 মেঃ দেশত চলি থকা সপ্তদশ লোকসভা নিৰ্বাচনৰ দেওবাৰে অন্ত পৰিব । 2৩ মে'ত হ'বলগীয়া ভোট গণনাৰ বাবে সকলো প্ৰকাৰে সাজু হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন ।
শনিবাৰে বিয়লি এক সংবাদ মেলত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা লোকসভা নিৰ্বাচনৰ ৮৯ নং বিধানসভা সমষ্টিৰ সহকাৰী ৰিটাৰ্নিং বিষয়া বিতুপন নেওগে মহকুমা প্ৰশাসনে লোৱা যাৱতীয় ব্যৱস্থাৰ বিষয়ে অৱগত কৰে ।

ভোট গণনাৰ বাবে সাজু কলিয়াবৰ মহকুমা প্ৰশাসন

পুৱা সাত বজাৰ পৰা মুঠ 14 খন টেবুলত ১৯১ টা ভোট গ্ৰহণ কেন্দ্ৰত ভোট গণনা আৰম্ভ হ'ব। প্ৰতিখন টেবুলত এজনকৈ পৰ্যবেক্ষক, সহকাৰী পৰ্যবেক্ষকৰ লগতে থকিব সুক্ষ্ম অৱলোকনকাৰী । ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে সুক্ষ্ম অৱলোকনকাৰীসকল ভাৰত চৰকাৰৰ বিষয়া অথবা ভাৰত চৰকাৰৰ উপক্ৰম বা অভিকৰণৰ হ'ব লাগিব । সেয়ে কলিয়াবৰ মহকুমাত বেংক বিষয়াক এই দায়িত্ব দিয়া হৈছে বুলি মহকুমাধিপতিয়ে জানিবলৈ দিয়ে ।

প্ৰতি ৰাউণ্ডৰ অন্তত ৰিটাৰনিং বিষয়াই 14 খন টেবুলত লাভ কৰা ভোটৰ সংখ্যা পৰীক্ষণৰ জৰিয়তে প্ৰকাশ কৰিব । ভি ভি পেট গণনাৰ অন্ততহে আনুষ্ঠানিকভাবে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। প্ৰতি ৰাউণ্ডৰ অন্তত প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীসকলে লাভ কৰা ভোটৰ সংখ‍্য "সুবিধা এপ"ৰ জৰিয়তে জনসাধাৰণে লাভ কৰিব পৰাকৈ নিৰ্বাচন আয়োগে ব‍্যৱস্থা গ্ৰণ কৰিছে। সংবাদ মেলত কলিয়াবৰ বিধান সভা সমষ্টিৰ লোকসভা নিৰ্বাচনত নিয়োজিত বিসয়াসকলো উপস্থিত থাকে।

ABOUT THE AUTHOR

...view details