অসম

assam

By

Published : Jun 8, 2019, 1:00 AM IST

ETV Bharat / state

নগাঁৱত প্ৰহসনলৈ পৰিণত বিশুদ্ধ পানী যোগান আঁচনি

জানিব পৰা মতে ২০১১ চনত স্থাপিত পৰীক্ষাগাৰটোত নাই কোনো কৰ্মচাৰী । যাৰ কাৰণে বৰ্তমান পাকঘৰলৈ পৰিণত হৈছে । কোটি কোটি টকা ব্যয়ৰে বিভিন্ন আঁচনি নিৰ্মাণ কৰা হৈছে যদিও জনসাধাৰণে নাই পোৱা বিশুদ্ধ খোৱা পানী । সেয়ে আঁচনি ঘৰ, পানী পৰীক্ষাগাৰ এতিয়া পৰিণত হৈছে ধান থোৱা ভড়াল আৰু গুডাম- পাকঘৰলৈ ।

নগাঁৱত প্ৰহসণৰ কবলত বিশুদ্ধ পানী যোগান আচঁনি

নগাঁৱত প্ৰহসণৰ কবলত বিশুদ্ধ পানী যোগান আচঁনি

বঢ়মপুৰ , 7 জুনঃআছে গৰু নাবাই হাল ! এতিয়া এইলেখিয়াই হৈছে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ । ফ্ল'ৰাইডযুক্ত পানী সেৱন কৰি নগাঁও আৰু হোজাই জিলাৰ বহু লোক আক্ৰান্ত হৈছে ফ্ল'চিচ ৰোগত ৷ কোনো কোনো ওৰেটো জীৱনলৈ হৈ পৰিছে পংগু ৷ তাৰ পাচতো কিন্তু গুৰুত্ব নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৷ নগাঁও আৰু হোজাই জিলাত ফ্ল'ৰাইডে ভয়াবহ ৰূপ লোৱাৰ সময়তে নগাঁও জিলাৰ কঠিয়াতলীস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰীক্ষাগাৰটোৰ দুৰবস্থা চাওক ।

জানিব পৰা মতে ২০১১ চনত স্থাপিত পৰীক্ষাগাৰটোত নাই কোনো কৰ্মচাৰী । যাৰ কাৰণে বৰ্তমান পাকঘৰলৈ পৰিণত হৈছে । কোটি কোটি টকা ব্যয়ৰে বিভিন্ন আঁচনি নিৰ্মাণ কৰা হৈছে যদিও জনসাধাৰণে নাই পোৱা বিশুদ্ধ খোৱা পানী । সেয়ে আঁচনি ঘৰ, পানী পৰীক্ষাগাৰ এতিয়া পৰিণত হৈছে ধান থোৱা ভঁড়াল আৰু গুডাম- পাকঘৰলৈ ।

আনহাতে ২০১২ চনৰ ২৮ ডিচেম্বৰত অনুমোদন দিয়া হোজাই জিলাৰ অতিকে ফ্ল'ৰাইড আক্ৰান্ত দীঘল জাৰণি আৰু তপতজুৰি পানীযোগান আঁচনি খনৰ পৰা আজিও জনসাধাৰণে নাপালে ফ্ল'ৰাইড মুক্ত বিশুদ্ধ পানী । ৯৭২.৫৫ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা আঁচনিখনৰ গৃহসমূহ এতিয়া হাবি জংঘলৰে ভৰি পৰাৰ লগতে পৰিণত হৈছে স্থানীয়লোকৰ ধান থোৱা ভড়ালত ৷

ABOUT THE AUTHOR

...view details