অসম

assam

ETV Bharat / state

ঐতিহাসিক শিলঘাটত অশোকাষ্টমী মেলাৰ আয়োজন - ঐতিহাসিক শিলঘাটত অশোকাষ্টমী মেলাৰ আয়োজন

1935  চনতেই ব্ৰিটিছে স্থাপন কৰা শিলঘাট চহৰৰ কামাখ্যা পাহাৰস্থিত কামাখ‍্যা মন্দিৰৰ নামনিত অশোকাষ্টমীৰ আয়োজন ৷

silghat

By

Published : Apr 2, 2019, 9:36 AM IST

শিলঘাট, 2 এপ্ৰিল:শিলঘাটত 12এপ্ৰিলৰ পৰা মহা অশোকাষ্টমী মেলাৰ আয়োজন। কলিয়াবৰৰ ঐতিহাসিক শিলঘাটত ব'হাগ বিহুৰ সময়তে অনুষ্ঠিত হ'ব মহা অশোকাষ্টমী মেলা।

কালিকা পুৰাণত চ'ত মাহৰ অষ্টমী তিথিত ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ লগত সকলো নদ-নদী, সাগৰাদিৰ জলৰাশি সন্মিলিত হয় বুলি উল্লেখ আছে ৷ সেয়ে ব্ৰহ্মপুত্ৰত স্নান কৰিলে "স যাতি ব্ৰহ্মণঃ পদম্" বুলি কোৱা হয়।

শিলঘাটত অশোকাষ্টমী মেলা

এনে জনবিশ্বাসৰ ভিত্তিতেই অশোকাষ্টমীৰ দিনা মহাবাহু ব্ৰহ্মপুত্ৰত স্নানৰ বাবে অজস্ৰ ভক্তৰসমাগম ঘটে । শিলঘাটৰ এই অশোকাষ্টমী মেলা 1921 চনৰে পূৰ্বৰ বুলি ঠাৱৰ কৰা হৈছে । মেলা অনুষ্ঠিত হৈ অহা দিনৰে পৰা মেলাৰ সু-পৰিচালনাৰ বাবে একোখন পৰিচালনা সমিতি গঠন কৰা হৈছিল যদিও 1939 চনত 'শিলঘাট অশোকাষ্টমী মেলা সমিতি" নামেৰে এক স্থায়ী সমিতি গঠন কৰা হয়।এই বছৰো 'শিলঘাট অশোকাষ্টমী মেলা সমিতি'য়ে অহা 12 এপ্ৰিলৰ 17 এপ্ৰিল তাৰিখলৈকে অশোকাষ্টমী মেলাৰ আয়োজন কৰিছে। ইতিমধ‍্যে মেলা সমিতিৰ বিষয়ববীয়াই যাবতীয় প্ৰস্তুতি চলোৱা বুলি জনাইছে ৷

ABOUT THE AUTHOR

...view details