নগাঁও, ২১ নৱেম্বৰ: ৰাজ্যজুৰি শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই। নতুন শিক্ষানীতি অনুসৰি ৩-৬ বছৰীয়া শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ অধীনলৈ নিবলৈ এক নতুন নীতি গ্ৰহণ কৰা হৈছিল। এই নীতিৰ বিৰোধিতা কৰি শনিবাৰে সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাই। অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী-সহায়িকা সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগতো প্ৰতিবাদী সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে শতাধিক প্ৰতিবাদকাৰীয়ে ।
তেওঁলোকৰ মতে, ৩-৬ বছৰীয়া শিশুসকলক প্ৰাথমিক বিদ্যালয়ৰ অধীনত শিক্ষাদান কৰিলে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে যথেষ্ট অসুবিদাৰ সন্মুখীন হ'ব লাগিব। লগতে বহু কৰ্মী আৰু সহায়িকা চাকৰি যাব বুলিও শংকিত হৈ পৰিছে। তদুপৰি, অংগনবাড়ী কৰ্মীসকলক ১৮ হাজাৰ টকা মাহিলী দৰমহা দিবলৈ চৰকাৰক দাবী জনাই অহাৰ পিছতো চৰকাৰে দৰমহা বৃদ্ধি কৰা নাই। একেদৰে অংগনবাড়ী কৰ্মী-সহায়িকাৰ ক্ষেত্ৰত পদোন্নতিৰো ব্যৱস্থা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে কৰ্মী আৰু সহায়িকাসকলে।