শিলঘাট, 14 নৱেম্বৰঃ অসম সমবায় মৰাপাট কলটো পুনৰ সঞ্চালনৰ বাবে বিত্ত বিভাগৰ পৰা 10 কোট়ি টকা আগবঢ়োৱাৰ পিচতে এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ কলিয়াবৰত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয়,এই সমুদায় ধন কল কৰ্তৃপক্ষই সমবায় বিভাগক ব্যৱহাৰিক প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতেই ৰাজ্য চৰকাৰে এই ধন মোকলাই দিব। কল কৰ্তৃপক্ষই এই প্ৰস্তাৱ এসপ্তাহৰ ভিতৰত সমবায় বিভাগক অৰ্পণ কৰিবলৈ ইতিমধ্যে ব্যৱস্থা কৰিছে ৷
অসম সমবায় মৰাপাট কলে লাভ কৰিব বিত্তীয় সাহাৰ্যঃ কেশৱ মহন্ত - minister
অসম সমবায় মৰাপাট কলটো পুনৰ সঞ্চালনৰ বাবে বিত্ত বিভাগৰ পৰা 10 কোট়ি টকাৰ সাহাৰ্য ৷ কলিয়াবৰত এক সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে কয়,এই সমুদায় ধন কল কৰ্তৃপক্ষই সমবায় বিভাগক ব্যৱহাৰিক প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতেই ৰাজ্য চৰকাৰে এই ধন মোকলাই দিব। কল কৰ্তৃপক্ষই এই প্ৰস্তাৱ এসপ্তাহৰ ভিতৰত সমবায় বিভাগক অৰ্পণ কৰিবলৈ ইতিমধ্যে ব্যৱস্থা কৰিছে ৷
উল্লেখ্য যে,বৃহস্পতিবাৰে মৰাপাট কল কৰ্তৃপক্ষ, ৰাজ্যৰ সমবায় বিভাগ আৰু বিত্ত বিভাগৰ উচ্চ পদস্থ বিষয়াৰে হোৱা এক আলোচনাৰ অন্তত অসম চৰকাৰৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলটো পুণৰ সঞ্চালন কৰিবলৈ ১০ কোটি টকাৰ এক সাহায্য ঘোষণা কৰিছিল। ২ নৱেম্বৰৰ পৰা উৎপাদন বন্ধ হৈ থকা দেশৰ অন্যতম সমবায় ভিত্তিত গঢ়ি উঠা লাভজনক উদ্যোগৰূপে স্বীকৃত অসম সমবায় মৰাপাট কলৰ কৰ্তৃপক্ষৰে হোৱা কেইবালানিও আলোচনাৰ পিছত এই যোগাত্মক সিদ্ধান্ত লয় অসম চৰকাৰে।
লগতে পঢ়কঃ হাগ্ৰামাৰ বেহুত বিজেপিৰ নিৰ্বাচনী ৰণডংকা