অসম

assam

By

Published : Nov 10, 2020, 10:02 AM IST

ETV Bharat / state

নগাঁও আৰক্ষীক আক্ৰমণ কৰা আন এক অভিযুক্ত আৰক্ষীৰ জালত

নগাঁৱৰ মৰিকলং আৰক্ষী চকীত আক্ৰমণৰ ঘটনাত জড়িত আন এক অভিযুক্ত আৰক্ষীৰ জালত । গোপন সূত্ৰৰ ভিত্তিত নগাঁৱৰ পৰাই আটক কৰিবলৈ সক্ষম হয় আৰক্ষীক আক্ৰমণৰ অন্যতম অভিযুক্ত শ্বাহাৰুল হকক।

নগাঁও আৰক্ষীক আক্ৰমণ কৰা আন এক অভিযুক্ত আৰক্ষীৰ জালত
নগাঁও আৰক্ষীক আক্ৰমণ কৰা আন এক অভিযুক্ত আৰক্ষীৰ জালত

নগাঁও,10 নৱেম্বৰঃ নগাঁৱৰ মৰিকলঙত আৰক্ষীক আক্ৰমণত জড়িত আন এক অভিযুক্ত জালত পৰিছে নগাঁও আৰক্ষীৰ। ধৃত যুৱকজন নগাৱঁৰ চাৰিখুটিৰ শ্বাহাৰুল হক বুলি জানিব পৰা গৈছে ।

আৰক্ষীক আক্ৰমণৰ অন্যতম অভিযুক্ত শ্বাহাৰুল হক

উল্লেখ্য যে, যোৱা ৬ নৱেম্বৰৰ নিশা প্ৰায় ৫০ জনীয়া এটা দলে তাণ্ডৱ চলাইছিল মৰিকলং আৰক্ষী চকীত। আৰক্ষীয়ে এখন স্কুটী জব্দ কৰাক কেন্দ্ৰ কৰি তাণ্ডৱ চলাইছিল উন্মাদ যুৱকৰ দলটোৱে। কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ উপৰিও মৰিকলং আৰক্ষী চকীতো আক্ৰমণ কৰিছিল যুৱকৰ দলটোৱে। ক্ষতিসাধন কৰিছিল আৰক্ষীৰ কেবাখনো বাহনো। সোমবাৰে নিশা আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ ভিত্তিত নগাঁৱৰ পৰাই আটক কৰিবলৈ সক্ষম হয় আৰক্ষীক আক্ৰমণৰ অন্যতম অভিযুক্ত শ্বাহাৰুল হকক। এই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত মুঠ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে।
লগতে পঢ়কঃ দীপাৱলীত দেশবাসীক থলুৱা সামগ্ৰীৰ ক্ৰয়ৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ABOUT THE AUTHOR

...view details