অসম

assam

ETV Bharat / state

চাকৰি নিয়মীয়াকৰণঃ আত্মজাহ দিয়াৰ হুংকাৰ পশুপালন মাষ্টাৰ ৰোল শ্ৰমিকৰ

সমিতিয়ে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত বিভাগটোৰ বঞ্চিত আঠ শতাধিক লোকক চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে বিভাগটোৰ দুৰ্নীতি পৰায়ণ বিষয়াসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় ।

By

Published : Nov 23, 2020, 1:01 PM IST

Animal Husbandry Mastr Roal Workres give threat of cousin
চাকৰি নিয়মীয়াকৰণৰ দাবীত আত্মজাহ দিয়াৰ হুংকাৰ পশুপালন মাষ্টাৰ ৰোল শ্ৰমিকৰ

চামগুৰি, 23 নৱেম্বৰ: ৰাজ্যৰ কৃষি আৰু পশুপালন বিভাগৰ বিয়াগোম মন্ত্ৰী অতুল বৰাৰ আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ বন্যাত শূণ্যতে ওলমি ৰৈছে ৰাজ্যৰ বিভিন্ন স্থানৰ পশুপালন চিকিৎসালয় তথা কেন্দ্ৰত দীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা আঠ শতাধিক অনিয়মীয়া কৰ্মচাৰী জীৱন-জীৱিকা । বিগত ২৫ বছৰে প্ৰাপ্য নিযুক্তৰ দাবীত কেইবাবাৰো আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিও চৰকাৰৰ পৰা কোনো ইতিবাচক সঁহাৰি লাভ নকৰি অৱশেষত আত্মজাহ দিয়াৰ হুংকাৰ দিয়ে পশুপালন বিভাগৰ মাষ্টাৰ ৰোলত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে ।

চাকৰি নিয়মীয়াকৰণৰ দাবীত আত্মজাহ দিয়াৰ হুংকাৰ পশুপালন মাষ্টাৰ ৰোল শ্ৰমিকৰ

নগাঁও জিলাৰ পুৰণিগুদামৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ সমীপত সোমবাৰে এখন সংবাদমেল আয়োজন কৰি চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ বিৰুদ্ধে চৰম অসন্তুষ্টি প্ৰকাশ কৰে "সদৌ অসম পশুপালন মাষ্টাৰ ৰোল শ্ৰমিক সংগ্ৰাম সমিতি"য়ে । উচ্চ ন্যায়ালয়ৰ স্পষ্ট ৰায়ৰ পাছতো মাষ্টাৰ ৰোলত কৰ্মৰত প্ৰায় আঠ শতাধিক লোকক নিযুক্তিৰ পৰা ষড়যন্ত্ৰমূলকভাবে বঞ্চিত কৰি ৰখাৰ অভিযোগ কৰে সংগঠনটোৰ নেতৃবৃন্দই ৷ সমিতিয়ে সংবাদমেলত মূলতে নিজৰেই বিভাগটোৰ বিভাগীয় সঞ্চালক,ৰেজিষ্টাৰ বিষয়া আৰু দিলিং এচিছটেণ্ট আদি বিষয়াসকলক ইয়াৰ বাবে জগৰীয়া কৰে ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীত আত্মজাহ দিয়াৰ হুংকাৰ পশুপালন মাষ্টাৰ ৰোল শ্ৰমিকৰ

সমিতিয়ে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত বিভাগটোৰ বঞ্চিত আঠ শতাধিক লোকক চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে বিভাগটোৰ দুৰ্নীতি পৰায়ণ বিষয়াসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় । সমিতিয়ে লগতে সংবাদমেলত নিৰ্ধাৰণ কৰি দিয়া সময়সীমাৰ ভিতৰত উত্থাপিত দাবীসমূহ চৰকাৰে পূৰণ কৰিব নোৱাৰিলে আগন্তুক দিনত কেৱল জংগী আন্দোলন গঢ়ি তোলাৰ লগতে আত্মজাহ দিয়াৰো হুংকাৰো দিয়ে ।

লগতে পঢ়ক: কঠীয়াতলিত বিভিন্ন পৰিষদীয় দাবীৰে তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

For All Latest Updates

ABOUT THE AUTHOR

...view details