অসম

assam

ETV Bharat / state

পুৰণি কীৰ্তিচিহ্নৰে ভৰি আছে ননৈৰ বৃহত্তৰ এলেকা - চামগুৰি সমষ্টি

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ উদমাৰী গাঁও পঞ্চায়তৰ এলেকাধীন ননৈ অঞ্চলতে আছে পুৰণি বহু কীৰ্তিচিহ্ন ৷ টাটা কোম্পানীৰ মালিকানাধীন ননৈ চাহ বাগিচা প্ৰাকৃতিক পৰিৱেশে বিনন্দীয়া এক মনোমোহা সেউজবুলীয়া অঞ্চল ৷ এই ঠাইতে আছে বহু পুৰণি এটি শিৱ মন্দিৰ ৷

ancient-sivha-temples-etv-bharat-assam-news
চামগুৰিৰ ননৈ অঞ্চলৰ নজনা বহু পুৰণি কৃৰ্তিচিহ্ন

By

Published : Jul 29, 2021, 10:25 PM IST

চামগুৰি, 29 জুলাই :নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ উদমাৰী গাঁও পঞ্চায়তৰ এলেকাধীন ননৈ অঞ্চলত আছে নজনা বহু পুৰণি কীৰ্তিচিহ্ন । ননৈ চাহ বাগিচা প্ৰাকৃতিক পৰিৱেশে বিনন্দীয়া এক মনোমোহা সেউজীয়া অঞ্চল ৷ এই অঞ্চলত আছে বহু পুৰণি এটা শিৱ মন্দিৰ ৷

স্থানীয় লোকে বহু সময় ধৰি এই মন্দিৰত পূজা-অৰ্চনা কৰি আহিছে ৷ ভক্তপ্ৰাণ ৰাইজে উদমাৰি শালনা পথৰ কাষতে থকা তিনিটা শিলাখণ্ডক শিৱ, পাৰ্ৱতী আৰু গণেশৰ ৰূপত দীৰ্ঘদিনৰে পৰা কৰি আহিছে পূজা-অৰ্চনা ৷ উল্লেখ্য যে, সাধাৰণভাৱে নিৰ্মাণ কৰি লোৱা উক্ত শিৱ মন্দিৰৰ সন্মুখতে থকা এটা শিলাস্তুপক নন্দী মহাৰাজ ৰূপে পূজা কৰি আহিছে চাহ জনগোষ্ঠীয় সম্প্ৰদায় প্ৰধান অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে ৷

পুৰণি কীৰ্তিচিহ্নৰে ভৰি আছে ননৈৰ বৃহত্তৰ এলেকা

লগতে চাওকঃদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

এই মন্দিৰলৈ পাহাৰৰ ওপৰত থকা বঠাযুক্ত এখন শিলৰ নাওৰ পৰা বৈ আহিছে এটি শীতল জলাধাৰ ৷ মন্দিৰৰ কাষতে আছে শিলঘাট কামাখ্যালৈকে বিস্তৃত আহোম ৰাজত্বৰ সময়তে নিৰ্মিত এটা গড় ৷ এই ৰঙাগঢ়া গড়ৰ কাষতে এটি শিলত খোদিত হৈ থকা এটি চক্ৰ আছে ৷ যাক ৱৈষ্ণৱী মাতাৰ মন্দিৰ বুলি কোৱা হয় ৷

এই মন্দিৰৰ পৰা প্ৰায় পাঁচশ মিটাৰমান দূৰত্বত আছে বুঢ়া-বুঢ়ীৰূপে বিবেচিত দুটা প্ৰকাণ্ড শিল ৷ এই বুঢ়া-বুঢ়ীৰ সন্মুখতে আছে শিৱ ভাণ্ডাৰ ৷ শিৱ ভাণ্ডাৰ হৈছে পাহাৰখনৰ শিখৰত থকা এটা প্ৰকাণ্ড শিল ৷ য’ত এখন শিলৰ দুৱাৰ আছে, যদিও সেই ঠাইলৈ মানুহ যোৱাটো সম্ভৱ নহয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷

চামগুৰিৰ ননৈ অঞ্চলৰ নজনা বহু পুৰণি কীৰ্তিচিহ্ন

বিষাক্ত সাপ আৰু বনৰীয়া জন্তুৰ বিচৰণ ভূমি এই শিৱ ভাণ্ডাৰ অঞ্চল ৷ দৰিদ্ৰজনে বৈবাহিক কাৰ্যত সহায় বিচাৰিলে শিৱ ভাণ্ডাৰে অদৃশ্য ৰূপত থাকি সহায়-সহযোগ কৰে বুলি এক জন বিশ্বাস আছে ৷ শিৱ লিংগ সদৃশ পাহাৰটোক সদাশিৱ পাহাৰ বুলি কোৱা হয় ৷

শিৱ মন্দিৰত পুৰণি প্ৰথা অনুসৰি পূজা দিয়াৰ সময়ত মন্দিৰৰ পৰিচৰ্যাকাৰীয়ে বৈষ্ণৱী মাতা মন্দিৰ, বুঢ়া-বুঢ়ী, শিৱ ভাণ্ডাৰ, শিলৰ নাও আৰু সদা শিৱ পাহাৰলৈ ভাগে ভাগে পূজা দিয়ে ৷ কেৱল সেয়াই নহয় এই ননৈ অঞ্চলতে আছে আৰু বহু পুৰণি কীৰ্তিচিহ্ন ৷ ইয়াৰ সৌন্দৰ্যই পৰ্যটকক নিশ্চিতভাৱে আকৰ্ষিত কৰিব পাৰিব ৷ তাৰ বাবে লাগিব ননৈ চাহ বাগান কৰ্তৃপক্ষ, স্থানীয় ভক্ত প্ৰাণ ৰাইজ আৰু চৰকাৰৰ সদিচ্ছা ৷

লগতে পঢ়ক:কৰ্ম সংস্থাপনৰ অন্য নাম খাৰুৱাজানৰ সংহত বস্ত্ৰ উদ্যোগ

ABOUT THE AUTHOR

...view details