বটদ্ৰৱা, 5 জুলাই : মানৱীয়তা, চাৰিটা বৰ্ণৰ এই শব্দটোৰ মাজত লুকাই আছে এখন চলি থকা যুদ্ধ গতি স্তব্ধ কৰিব পৰা শক্তি ৷ কিন্তু মানুহৰূপী একাংশ দানবৰ বাবে যেন মূল্য়হীন এই শব্দটো ৷ নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে বিভিন্ন সময়ত অতি নিম্ন পৰ্যায়লৈ নামি যাবলৈও কুণ্ঠাবোধ নকৰে এই শ্ৰেণীৰ লোকে ৷ যাৰ হাতত লাঞ্চিত হ'ব লগা হয় জন্মদাত্ৰী জননীও ৷
বটদ্ৰৱা বৰহিছা গাঁৱৰ এগৰাকী বৃদ্ধা । নাম ৰমণী কলিতা । স্বামী তুলসী কলিতা আৰু দুই সন্তানসহ আছিল এখন সুখৰ সংসাৰ । স্বামী তুলসী কলিতাৰ মৃত্যু আৰু কন্যাৰ বিয়াৰ পিচতেই বৃদ্ধাগৰাকীৰ জীৱনলৈ নামি আহিল দুখৰ অমানিশা ৷ বদমেজাজি পুত্ৰৰ পাশৱিক নিৰ্যাতনত এই বৃদ্ধ বয়সত দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছে তেওঁ । নিজ পুত্ৰই শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ বাবে নিতৌ অনাহাৰে-অনিদ্ৰাই কষ্টকৰ জীৱন কটাব লগীয়া হৈছে ৰমণী কলিতাই ।
পুত্ৰৰ হাতত লাঞ্চিত এগৰাকী বৃদ্ধাৰ বিননি পেটৰ তাৰণাত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি ফুৰা বৃদ্ধা গৰাকীক এতিয়া পুৱা গধুলি অন্ন যোগান ধৰিছে ওচৰ চুবুৰীয়াই । পুত্ৰ বাবলু কলিতাক মৰম স্নেহেৰে ডাঙৰ দীঘল কৰিছিল বহু আশাৰে । কিন্তু সেই গৰাকী পুত্ৰৰ হাততে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে এই দুৰ্ভগীয়া মাতৃ গৰাকী । স্বামী তুলসী কলিতাৰ মৃত্যুৰ পিচত প্ৰতি মাহে বৃদ্ধা গৰাকীয়ে লাভ কৰি আহিছে প্ৰায় বাৰ হাজাৰ টকাৰ পেঞ্চন । কিন্তু এই টকাও চুবলৈ সৌভাগ্য নহয় এই দুৰ্ভগীয়া মাতৃ গৰাকীৰ । বেংকৰ পৰা পেঞ্চনৰ টকা উঠাই নিদিলেই এই বৃদ্ধা গৰাকীৰ ওপৰত চলে পুত্ৰৰ অমানুষিক অত্যাচাৰ ।
এই স্খলিত চৰিত্ৰৰ পুত্ৰৰ পৰা ৰক্ষা কৰিবলৈ গাওঁ বাসীয়ে মহিলা গৰাকীক বৃদ্ধা আশ্ৰমত ৰখাৰ চিন্তা কৰিছে । সেয়ে প্ৰশাসন নাইবা কোনো বেচৰকাৰী সংস্থাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে গাওঁবাসীয়ে । নিজৰ এখন ঘৰ, পৰিয়াল থকাৰ পাচতো বৃদ্ধ বয়সত ৰমণী কলিতাৰ দৰে বৃদ্ধ-বৃদ্ধা বৃদ্ধাশ্ৰমলৈ যাবলগীয়া হোৱাতো অতিকৈ পৰিতাপৰ কথা ৷
লগতে পঢ়ক : মমতা, সৌন্দৰ্য, সাহস আৰু ত্যাগৰ এক নিদৰ্শন দীপালী