কলিয়াবৰ,২৬ ফেব্ৰুৱাৰী: কলিয়াবৰ মহকুমাৰ বাৰ্বি হাজৰিকা নামৰ এগৰাকী নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কাৰ্যালয়ৰ কৰ্মচাৰীৰ । সাধাৰণ জনতাৰ লগতে কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ তলতীয়া কৰ্মচাৰীক মানসিক নিৰ্যাতন আৰু অপদস্থ কৰাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে । বিষয়াগৰাকীৰ বাবেই চাকৰিৰ পৰা ইস্তফা দিয়াৰ লগতে আত্মহননৰ দৰে পথ বাচি ল’ব বুলি পত্ৰ প্ৰেৰণ কৰিছে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ৰ ধ্ৰুৱজ্যোতি বৰা নামৰ কণিষ্ঠ সহায়কে ৷ কলিয়াবৰৰ মহকুমাধিপতি, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত, নগাঁও জিলা উপায়ুক্ত, কৰ্মচাৰী পৰিষদকে ধৰি শীৰ্ষ পৰ্যায়লৈ পত্ৰ প্ৰেৰণ কৰি আত্মহননৰ পথ বাছি লোৱাৰ কথা অৱগত কৰিছে কৰ্মচাৰী গৰাকীয়ে ৷
অভিযোগ অনুসৰি যোৱা কেইবাদিন ধৰি কৰ্মচাৰীজনক অত্যাধিক মানসিক নিৰ্যাতন চলাই আহিছে বিষয়া বাৰ্বি হাজৰিকাই ৷ দীৰ্ঘদিন ধৰি কলিয়াবৰৰ ৰাজহুৱা স্থানত অশালীন আচৰণকে ধৰি বহু অসামাজিক কাৰ্য সংঘটিত কৰাৰো অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ এই সমগ্ৰ বিষয়ক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কলিয়াবৰত ৷ বিষয়াগৰাকীৰ বিৰুদ্ধে অতি শীঘ্ৰে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে একাংশ লোকে ৷