কলিয়াবৰ, ১৩ জানুৱাৰী : কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল-জলাশয়ত ভোগালীৰ উৰুকাত মাছমৰা কাৰ্যত নিষেধাজ্ঞা (Fishing prohibited in Kaziranga National Park) । উল্লেখ্য, বিগত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল-জলাশয়ত ভোগালীৰ উৰুকাৰ দিনা মাছ মাৰিবলৈ অহা লোকৰ বাবে এক অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল (traditional fishing at waterbodies in Kaziranga NP) । তাৰ পৰিপ্ৰেক্ষিততে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমা অন্তৰ্গত বাগৰি বনাঞ্চল আৰু বুঢ়াপাহাৰ বনাঞ্চলত এতিয়া অধিক সষ্টম হৈ পৰিছে বন বিভাগ (traditional fishing on bhogali bihu at KNP) ।
আনহাতে, যিকোনো অনাকাংক্ষিত পৰিৱেশ প্ৰতিৰোধ কৰিবলৈও সষ্টম হৈ আছে বন বিভাগ । ইয়াৰ বাবে কলিয়াবৰৰ চিকনীৰ দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ অতিৰিক্ত বনকৰ্মী সাজু কৰি ৰাখিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । উল্লেখ্য, বিগত বৰ্ষত মাঘ বিহুৰ উৰুকাৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত মাছ মৰাটো নিষিদ্ধ কৰিছিল বন বিভাগে । তাকে লৈ কলিয়াবৰৰ ৰাঙলু আৰু দেওচুৰত সৃষ্টি হৈছিল এক অপ্ৰীতিকৰ পৰিস্থিতিৰ (Alert KNP Against Public Fishing on Bhogali Bihu) ।
লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন ৰখাই পথ অৱৰোধ কৰিছিল মৎস্য চিকাৰৰ বাবে অহা একাংশ লোকে । বিগত বৰ্ষৰ উক্ত ঘটনাৰ পৰিপ্ৰেক্ষিততে এতিয়া অধিক সষ্টম হৈছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তথা কলিয়াবৰ মহকুমা প্ৰশাসন । ইতিমধ্যে কলিয়াবৰ মহকুমা প্ৰশাসনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিল, জলাশয়ত মাছমৰাত নিষেধাজ্ঞা প্ৰদান কৰি ১৪৪ ধাৰা জাৰি কৰিছে ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ-বৈচিত্ৰ্য সংৰক্ষণত গুৰুত্ব প্ৰদানৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগ আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে । পৰম্পৰাৰ অজুহাতত মৎস্য চিকাৰত লিপ্ত হ'লে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ ধাৰা ২৯ অনুসৰি আইনবিৰোধী আৰু দণ্ডনীয় অপৰাধত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে ।