চামগুৰি, 24 এপ্ৰিল : ষাঠিৰ উৰ্ধৰ ব্যক্তি সকলক আছুতীয়াভাৱে ক’ভিড-১৯ ভাইৰাছৰ টিকাকৰণ কৰাৰ লগতে টিকাকৰণৰ কেন্দ্ৰ সমূহ বৃদ্ধি কৰাৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ ৷ শনিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিয়ে এই সন্দৰ্ভত জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় । কাৰ্যালয় বন্ধ থকাৰ পৰিপেক্ষিতত সংগঠনটোৰ বিষয়ববীয়াই ফোন যোগে উপায়ুক্তৰ লগত কথা হোৱাৰ লগতে উপায়ুক্তই সোমবাৰে স্মাৰক পত্ৰ দিবলৈ বিষয়ববীয়া সকলক আহ্বান জনায় ৷
ষাঠিৰ উৰ্ধৰ ব্যক্তিক আছুতীয়াকৈ প্ৰতিষেধক প্ৰদানৰ আহ্বান - ভয়াবহ পৰিস্থিতি
ষাঠিৰ উৰ্ধৰ ব্যক্তি সকলক আছুতীয়াভাৱে ক’ভিড-১৯ ভাইৰাছৰ টিকাকৰণ কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান ৷
নগাঁওৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
স্মাৰক পত্ৰত উল্লেখ থকা মতে ক’ভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে প্ৰদান কৰা এছ অ’ পি অনুযায়ী ১০০ জনৰ অধিক লোক একে স্থানতে সমবেত হ’ব নোৱাৰে । কিন্তু টিকাকৰণ কেন্দ্ৰ সমূহত অধিক লোক সমবেত হৈ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে । সেয়ে পৰিষদৰ নগৰ সমিতিয়ে ৬০ ৰ উৰ্ধৰ ব্যক্তি সকলৰ বাবে আছুতীয়া টিকাকৰণ কেন্দ্ৰ স্থাপনৰ লগতে টিকাকৰণ কেন্দ্ৰৰ বৃদ্ধিৰ দাবী জনাইছে ।
লগতে পঢ়ক :অনিল দেশমুখৰ বিৰুদ্ধে মুম্বাই আৰু নাগপুৰৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান