অসম

assam

By

Published : Feb 2, 2020, 9:03 PM IST

ETV Bharat / state

বটদ্ৰৱাত নামতীৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকা

দেওবাৰে বটদ্ৰৱাত নামতীৰ ৰূপত দেখা গ'ল বিধায়িকা আঙুৰলতা ডেকাক ৷ ৰাজ্যজুৰি অনুষ্ঠিত বিজেপি দলৰ "আইদেউ বুলনি" অনুষ্ঠানত দিহা নাম প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিবলৈ গৈ নাম পৰিৱেশন কৰে বিধায়িকা গৰাকীয়ে ৷

বটদ্ৰবা
বটদ্ৰবাত নামতী ৰূপত বিধায়িকা আঙুৰলতা ডেকা

বটদ্ৰৱা, 2 ফেব্ৰুৱাৰীঃএইবাৰ নামতী ৰূপত বিধায়িকা আঙুৰলতা ডেকা ৷ গালে সমবেত সঙ্গীতো । এগৰাকী জনপ্ৰতিনিধিক বিভিন্ন সময়ত ভিন্ন ৰূপত দেখিবলৈ পোৱা যায় ৷ সমষ্টিবাসী ৰাইজৰ মন মুগ্ধ কৰিবলৈ যিকোনো কাম কৰিব পাৰে জনপ্ৰতিনিধি গৰাকীয়ে । কেতিয়াবা যদি গাড়ী চলাই কেতিয়াবা আকৌ পথাৰত নামি কাটে ধান বিধায়িকা গৰাকীয়ে । মুঠৰ ওপৰত সমষ্টিবাসীৰ মন জয় কৰিবলৈ সকলো কামতে আগভাগ লয় আঙুৰলতা ডেকাই ।

বটদ্ৰবাত নামতী ৰূপত বিধায়িকা আঙুৰলতা ডেকা
বটদ্ৰৱাত নামতী ৰূপত বিধায়িকা আঙুৰলতা ডেকা

দেওবাৰেও ব্যতিক্ৰম ন'হল বিধায়িকাগৰাকী । সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱা সমষ্টিতো অনুষ্ঠিত হৈছে বিজেপি দলৰ "আইদেউ বুলনি" অনুষ্ঠান । দেওবাৰে সমষ্টিটোৰ বিজেপি দলৰ দলংঘাট মণ্ডল আৰু ধিং টাউন মণ্ডলত পৃথকে পৃথকে অনুষ্ঠিত হৈছে মহিলা সকলৰ মাজত দিহা নাম প্ৰতিযোগিতা । "আইদেউ বুলনি" অনুষ্ঠানত দিহা নাম প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিবলৈ গৈ মহিলা সকলৰ লগত সমবেত সংগীত আৰু নাম পৰিৱেশন কৰে বিধায়িকা আঙুৰলতা ডেকাই । বিধায়িকা গৰাকীৰ এনেদৰে অনুষ্ঠানত অংশগ্ৰহণ কৰাত উপস্থিত প্ৰতিযোগী সকলৰ লগতে উৎফুল্লিত হৈ পৰে উপস্থিত ৰাইজ ।

আৰু পঢ়কঃ মোডী চৰকাৰ বৰ্তমান ভাষনত হে আছে, কামত নাইঃ দুৰ্গা ভূমিজ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details