চামগুৰি, 22 জুলাই :নগাঁৱত পুনৰ গুলীচালনা ৷ বুধবাৰে ঈদৰ নিশাই চামগুৰিৰ কাৱৈমাৰিত আৰক্ষীয়ে শূণ্য লৈ কৰে গুলীচালনা ৷ গুলীচালনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷
ঘটনাৰ বিৱৰণি অনুসৰি, ঈদৰ দিনা নিশা প্ৰায় 8 মান বজাত কাৱৈমাৰী বজাৰৰ সমীপতে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ নিশা এখন বলেৰ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে ৷ ফলত ভাঙি পৰে বিদ্যুতৰ খুঁটাতো ৷
যাক কেন্দ্ৰ কৰি অঞ্চলবাসী ৰাইজে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷
পৰিস্থিতি বিষম দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় কাৱৈমাৰী আৰক্ষীৰ 4 জনীয়া এটা দল ৷ পাৰ্যমানে আৰক্ষীৰ দলটোৱে উত্তেজিত ৰাইজক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে ৷
নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা কিন্তু আৰক্ষীৰ কোনো কথা লৈ ভ্ৰূক্ষেপ নাই উত্তেজিত জনতাৰ ৷ আনকি আৰক্ষীকো প্ৰহাৰ কৰিবলৈ উদ্যত হয় একাংশ উত্তেজিত লোক ৷ উপায়ন্তৰ হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত শূন্যলৈ তিনি জাঁই গুলী চলাই আৰক্ষীৰ দলটোৱে ৷
পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে আৰক্ষীৰ দলটোৱে ৷ ইফালে দুৰ্ঘটনাগ্ৰস্ত বাহনখনো লৈ অনা হয় থানালৈ ৷ কাৱৈমাৰিত আৰক্ষীয়ে অৱগত কৰা অনুসৰি, ইতিমধ্য আৰক্ষীয়ে চিনাক্ত কৰিছে আৰক্ষীক আক্ৰমণ কৰিব খোজা লোক কেইজনক ৷
অতি শীঘ্ৰেই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ব দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ চালকক ৷ এই সন্দৰ্ভত কাৱৈমাৰিত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ এই ঘটনাক কেন্দ্ৰ কৰি চামগুৰিৰ কাৱৈমাৰিত চেপা উত্তেজনাই বিৰাজ কৰিছে ৷
লগতে পঢ়ক:আত্মসমৰ্পণৰ সম্ভাৱনা এন এল এফ বিৰ মুৰব্বী এম বাথাৰ