নগাঁৱৰ ডুমডুমীয়াত এচিড আক্ৰমণৰ ঘটনা - ডুমডুমীয়া
নিশা ঘৰত প্ৰৱেশ কৰি ভনী জোঁৱায়েকে কৰিলে এচিড আক্ৰমণ । এগৰাকী আত্মীয়কো আক্ৰমণ এচিডেৰে । শিশুসহ চিকিৎসাধীন মহিলা ।
নগাওঁ, 16 জুলাই: নগাঁৱৰ ডুমডুমীয়াত সংঘটিত এচিড আক্ৰমণৰ ঘটনা । ভনীজোঁৱায়েকে নিশা এচিড আক্ৰমণ কৰিলে মহিলাসহ এটি শিশুক ৷ ডুমডুমীয়া পুঠিমাৰীৰ তাছমীনা খাতুন নামৰ মহিলাগৰাকী নিজা ঘৰত শুই থকা অৱস্থাত ভনীজোঁৱায়েক আজিম উদ্দিনে সিন্ধি দি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি এচিডেৰে আক্ৰমণ কৰে । ঘৰত থকা মহিলাগৰাকীৰ আত্মীয় নাজনীন ফাৰুকি নামৰ শিশুটোকো কৰে এচিড আক্ৰমণ । তাছমিনা খাতুনৰ এজনী ভনীয়েকক বিয়া আজিম উদ্দিনৰ সৈতে বিয়া দিছিল যদিও আজিম উদ্দিনে কৰা অত্যাচাৰৰ বাবে বিচ্ছেদ কৰাই আন এজনলৈ দিছিল বিয়া । ইয়াৰ প্ৰতিশোধত তাছমিনাক এচিড আক্ৰমণ কৰা বুলি দাবী কৰিছে মহিলাগৰাকীয়ে । সম্প্ৰতি নগাঁও অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন মহিলাগৰাকী ।