কলিয়াবৰ, 2 এপ্ৰিল :বিহু অসমীয়া জাতিৰ প্ৰাণস্পন্দন স্বৰূপ । আৰু ব’হাগ অসমীয়াৰ স্বাভিমান ৷ সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাই কোৱাৰ দৰে, ব’হাগমাথো এটা মাহ নহয় ই অসমীয়াৰ আয়ুস ৰেখা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে কলিয়াবৰতো অসমীয়াৰ আয়ুস ৰেখাক আদৰিবলৈ ব্যস্ত হৈ পৰিছে কলিয়াবৰবাসী ৷ সাজু হৈছে কলিয়াবৰৰ ৰংমন আৰু ৰাংঢালীও (Bihu preparation in Assam) ৷
বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে, চেনেহীৰ উগুল-থুগুল মনত অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি জাতিটোৰ স্বাভিমানক গৰ্বিত কৰি মহাসমন্বয়ৰ গীত জুৰিবলৈ বিগত বৰ্ষসমূহৰ দৰে এইবেলিও সাজু হৈছে কলিয়াবৰ ছাত্ৰ সন্থা ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰে শুকুৰবাৰে পৰা 10 দিনীয়াকৈ কলিয়াবৰত অনুষ্ঠিত কৰা হৈছে বিহুৰ কৰ্মশালা (Bihu dance workshop at Kaliabor) ৷