নগাঁও,19 জুন:বিশ্ব ঐতিহ্যপূৰ্ণ ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সাম্ভাব্য বানৰ ফলত উদ্ভৱ হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আগতীয়া ব্যৱস্থা গ্ৰহণৰ দাবীত কাজিৰঙা বন বিভাগৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় নগাঁও জিলা ছাত্ৰ সন্থা ৷ বিশেষকৈ বানৰ সময়ত উদ্যানখনৰ পৰা কাৰ্বি পাহাৰলৈ ঢাপলি মেলা গঁড়,হৰিণাকে ধৰি জীৱ-জন্তুক ওভোটাই অনাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ উপৰিও চোৰাং চিকাৰীৰ কবলৰ পৰা বন্যপ্ৰাণীক সুৰক্ষিত কৰিবলৈ দাবী জনাই ছাত্ৰ সন্থাৰ দলটোৱে ।
বানৰ পৰা কাজিৰঙাক ৰক্ষাৰ আহ্বান নগাঁও ছাত্ৰ সন্থাৰ - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
প্ৰতিবছৰে হোৱা বানৰ বিধ্বংসী কবলত পৰি যথেষ্ঠ ক্ষতিৰ সন্মুখীন হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সেয়ে এইবৰ্ষৰ বানৰ কবলৰ পৰা উদ্য়ানখনক সুৰক্ষা দিবলৈ তৎপৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে নগাঁও জিলা ছাত্ৰ সন্থাই ৷ লগতে উদ্যানখনত পৰ্যাপ্ত বনৰক্ষী নিযুক্তি দিয়াৰো দাবী উত্থাপন কৰে ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ৷
নগাঁও জিলা ছাত্ৰ সন্থা
সন্থাৰ সভাপতি গৌৰীশংকৰ শইকীয়া,সম্পাদক অমৰজ্যোতি ফুকনসহ জিলা সমিতিৰ সদস্যসকলে অংশগ্ৰহণ কৰা বৈঠকখনত বান সন্দৰ্ভত আগতীয়াকৈ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ সঞ্চালক শিৱ কুমাৰে । লগতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙাত পৰ্যাপ্ত বনৰক্ষী নিযুক্তিৰ দাবী উত্থাপন কৰাৰ লগতে সন্থাই এই নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় যুৱকক অগ্ৰাধিকাৰ দিবলৈ অনুৰোধ জনাই উদ্যান কৰ্তৃপক্ষক ৷
লগতে চাওকঃগৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ