অসম

assam

By

Published : Apr 16, 2019, 11:47 AM IST

ETV Bharat / state

কলিয়াবৰত ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদযাপন

গামখাৰু বিহুৱা দল বোকাখাট, অসমী আই বিহুৱা দল ৰৌতা আৰু ফ্ৰেণ্ডশ্বিপ বিহুৱা দল কলিয়াবৰৰ বিহু দলে প্ৰদৰ্শন কৰে বিহু । লগতে অনুষ্ঠানত সত্ৰীয়া শিল্পী টংকেশ্বৰ শৰ্মা,ভাস্কৰ্য‍ তথা চিত্ৰ শিল্পী তৰুণ বৰা, তোষেশ্বৰ বৰাক সম্বৰ্দ্ধনা জনাই ছাত্ৰ সন্থাই

কলিয়াবৰত ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদযাপন

কলিয়াবৰ,16 এপ্ৰিলঃ কলিয়াবৰ কুঁৱৰীটোল গান্ধী খেল পথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে ছাত্ৰ সন্থাই উদযাপন কৰিলে কেন্দ্ৰীয় ৰঙালী বিহু ৷ শতাধিক নাচনিৰ বিহু নৃত্য, জেষ্ঠ শিল্পীৰ লগতে কৃষকক সম্বৰ্ধনা জনাই এই অনুষ্ঠানত ৷

কলিয়াবৰত ছাত্ৰ সন্থাৰ ৰঙালী বিহু উদযাপন

''ব'হাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ ই আয়ুস ৰেখা, গণজীৱনৰ ই সাঁহ'' অসমীয়াৰ বাপতি সাহোন ৰঙৰ উৎসৱ ৰঙালী ৷ ঢোঁল,পেঁপা,গগণাৰ মাতত ডেকা বুঢ়া সকলোৰে মন বিহু বিহু ৷ কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিগত বৰ্ষসমূহৰ দৰে এই বছৰো কুঁৱৰীটোল গান্ধী খেল পথাৰত পহিলা বহাগত বাৰেৰহণীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদ্‌যাপন কৰা হয় ৷ সমন্বিত যুৱতীৰ্থ হুঁচৰি দলৰ হুঁচৰিৰে সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভণী কৰা হয় বিহুৰ কাৰ্যসূচী । গামখাৰু বিহুৱা দল বোকাখাট, অসমী আই বিহুৱা দল ৰৌতা আৰু ফ্ৰেণ্ডশ্বিপ বিহুৱা দল কলিয়াবৰে প্ৰদৰ্শন কৰে বিহু। লগতে অনুষ্ঠানত সত্ৰীয়া শিল্পী টংকেশ্বৰ শৰ্মা,ভাস্কৰ্য‍ তথা চিত্ৰ শিল্পী তৰুণ বৰা, তোষেশ্বৰ বৰাক সম্বৰ্দ্ধনা জনাই ছাত্ৰ সন্থাই

ABOUT THE AUTHOR

...view details