নগাঁও, 13 মে': ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আপত্তিৰ নামত সত্ৰাধিকাৰৰ পৰিয়ালক হাৰাশাস্তিৰ অভিযোগ ৷ সুদূৰ আমেৰিকাৰ পৰা আহি শুনানিত হাজিৰ হ'ল সত্ৰাধিকাৰৰ ভাতৃ । আপত্তিকাৰীৰ বিৰুদ্ধে আৰ টি আইৰ জৰিয়তে তথ্য বিচাৰি গোচৰ তৰিব স্বাধীনতা সংগ্ৰামীৰ পুত্ৰ সত্ৰাধিকাৰে ৷
এন আৰ চিৰ আপত্তিৰ নামত হাৰাশাস্তি সত্ৰাধিকাৰৰ পৰিয়ালক - etv bharat
নাগৰিকত্বৰ বৈধ্যতাৰ সন্দৰ্ভত আপত্তি কৰা কাৰ্য্যত জাঙুৰ খাই উঠিছে সত্ৰাধিকাৰ
নগাঁও চহৰৰ আমোলাপট্টিৰ জখলাবন্ধা সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ পৰিয়ালৰ ওপৰত আপত্তি দৰ্শাইছিল দুলাল শৰ্মা নামৰ এজন ব্যক্তিয়ে । বিগত দহ মে'ত শিঙিমাৰী স্বাস্থ্য উপকেন্দ্ৰত থকা এন আৰ চি সেৱা কেন্দ্ৰত সোমবাৰে পুৱা দহ বজাতেই হাজিৰ হ'ল সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামী । যত কৰ্মস্থান আমেৰিকাৰ পৰা আহি উপস্থিত থাকিবলগীয়া হ'ল সত্ৰাধিকাৰ ভাতৃ ডাঃ নিপানন্দ গোস্বামী।
লক্ষ্যণীয় যে, সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ পিতৃ আছিল স্বাধীনতা সংগ্ৰামী । ঐতিহ্যপূৰ্ণ সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে জেলৰ ভাত খাই বিদেশী খেদা আন্দোলনত জড়িত হৈছিল ৷