অসম

assam

By

Published : Jun 5, 2020, 8:39 PM IST

Updated : Jun 5, 2020, 10:28 PM IST

ETV Bharat / state

জাজৰি কাণ্ডঃ ফাৰ্ষ্টট্ৰেক আদালতত কৰা হ’ব বিচাৰৰ ব্যৱস্থা

গাঁৱৰক্ষী বাহিনীৰ এগৰাকী সম্পাদকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা সৃষ্টি হৈছে নগাঁৱৰ জাজৰিত । বৃহস্পতিবাৰে আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ মৃত্যুক সাৱটি লয় গাঁৱৰক্ষী বাহিনীৰ এগৰাকী সম্পাদকে । নিজে প্ৰস্তুত কৰা খাদ্য জাজৰি আৰক্ষীক যোগান ধৰা গাঁৱৰক্ষী বাহিনীৰ সম্পাদকজনে প্ৰাণ দিবলগীয়া হ’ল নগাঁৱৰ জাজৰি আৰক্ষীৰ হাতত ৷

a man died by hitting police jajari nagaon assam etv bharat news
উত্তপ্ত নগাঁৱৰ পৰিস্থিতি

নগাঁও, 5 জুন: নগাঁৱৰ জাজৰি আৰক্ষীৰ হাতত গাঁৱৰক্ষী বাহিনীৰ এগৰাকী সম্পাদকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি বৰ্তমান উত্তপ্ত হৈ পৰিছে সমগ্ৰ নগাঁও জিলা ৷ বিষয়টোত গুৰুত্ব প্ৰদানৰ বিপৰীতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানজনে কৰিছিল দায়িত্বহীন মন্তব্য । মৃত্যুৰ পূৰ্বে ব্যক্তিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰিছিল আৰক্ষীৰ বৰ্বৰতাৰ কাহিনী । ইতিমধ্যে ব্যক্তিগৰাকীক মৰিয়াই হত্যা কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছে জাজৰি আৰক্ষীৰ বিৰুদ্ধে । ঘটনাৰ বিৱৰণী অনুসৰি,মঙলবাৰে নিশা জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত পহৰা দি থকা অৱস্থাত গাঁৱৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হৈছিল জাজৰি আৰক্ষী থানাৰ দুজন জোৱান । পৰৱৰ্তী সময়ত পৰেশ শৰ্মা আৰু আতাউৰ ৰহমান নামৰ দুয়োগৰাকী আৰক্ষীয়ে বীৰত্ব প্ৰদৰ্শন কৰিছিল বৰাৰ ওপৰত ৷ আৰক্ষীৰ আক্ৰমণৰ বলি হৈ চিকিৎসালয়ৰ বিছনাত মৃত্যুৰে যুঁজি থকা অৱস্থাত ফণীধৰ বৰাৰ মন্তব্যসহ এক বাতৰি প্ৰকাশ পাইছিল সংবাদ মাধ্যমত ।

ঘটনা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানে কৰা মন্তব্যৰ কিছুসময় পিছতে চিকিৎসালয়ত মৃত্যুক সাৱটি লয় গাঁৱৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাই । বৰাৰ মৃত্যুৰ পিছতে উত্তপ্ত হৈ পৰে জাজৰি আৰক্ষী থানা । অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে থানা ঘেৰাও কৰি দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ । নিশা পৰ্যন্ত উত্তাল হৈ থকা থানা চৌহদত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ নিয়ন্ত্ৰণৰ চেষ্টা কৰে পৰিস্থিতি ।

ন্যায় দাবী ৰাইজৰ

উল্লেখ্য যে,আৰক্ষী থানাৰ সমীপৰ কেণ্টিনত নিজ হাতে খাদ্য সামগ্ৰী প্ৰস্তুত কৰি সুদীৰ্ঘ বছৰে জাজৰি আৰক্ষীক পৰিৱেশন কৰি আহিছিল বৰাই । অৱশেষত আৰক্ষীৰ হাততে প্ৰাণ দিবলগীয়া হয় গাঁৱৰক্ষী বাহিনীৰ সম্পাদক গৰাকীয়ে ৷ বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত ঘটনাত জড়িত দুই অভিযুক্ত পৰেশ শৰ্মা আৰু আতাউৰ ৰহমানক আটক কৰাৰ লগতে জাজৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মলয় আচাৰ্যক শাস্তিমূলক বদলিৰ দাবী উত্থাপন কৰিছে নগাঁও আৰক্ষীয়ে ।

উত্তপ্ত নগাঁৱৰ পৰিস্থিতি

শুকুৰবাৰে জাজৰি আৰক্ষীৰ প্ৰহাৰত মৃত্যু হোৱা গাঁৱৰক্ষী বাহিনীৰ সম্পাদক ফণীধৰ বৰাৰ বাসগৃহত উপস্থিত হয় অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিং ৷ সিঙে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্রদানৰ আশ্বাস দিয়াৰ লগতে এক লাখ টকাৰ এককালীন সাহাৰ্য প্রদান কৰে । ইতিমধ্যে ঘটনাত জড়িতৰ অভিযোগত দুই কনিষ্টবলক গ্ৰেপ্তাৰ কৰাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক ৰিজাৰ্ভলৈ বদলি কৰে । ঘটনাৰ তদন্তৰ পিছত ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব শাস্তিমূলক ব্যৱস্থা ৷ তদুপৰি সিঙে পৰৱৰ্তী 15 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিলৰ নিৰ্দেশ দিছে আৰক্ষীক । উল্লেখ্য যে,এই ঘটনাৰ ফাৰ্ষ্টট্ৰেক আদালতত কৰা হ’ব বিচাৰৰ ব্যৱস্থা ।

জি পি সিঙৰ পৰিস্থিতি পৰিদৰ্শন

লগতে চাওকঃএএমচিৰ কৰ্কট চিকিৎসালয়ত কেম' সেৱা মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Jun 5, 2020, 10:28 PM IST

ABOUT THE AUTHOR

...view details