নগাঁও, 15 জুনঃনগাঁৱত মহিলাৰ ৰোষত পৰিল এজন আৰক্ষী কনিষ্টবল ৷ নগাঁও আৰক্ষী চাউনীতে শতাধিক মহিলাৰ ৰোষত পৰে কমল বৰা নামৰ কনিষ্টবলজন ৷ উল্লেখ্য যে, কনিষ্টবল কমল বৰাৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হৈছে মহিলাসকলে জমা ৰখা ৬০ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৷
নগাঁৱত মহিলাৰ ৰোষত পৰিল এগৰাকী আৰক্ষী কনিষ্টবল
কনিষ্টবল কমল বৰাৰ পত্নীয়ে আন আৰক্ষীৰ পত্নী সকলৰ ধন আত্মসাৎ কৰি আত্মগোপন কৰাৰ অভিযোগত, সোমবাৰে নগাঁও আৰক্ষী চাউনীত কনিষ্টবল গৰাকীক ঘেৰাও কৰে ভুক্তভোগী মহিলা সকলে ৷
বহুকেইগৰাকী আৰক্ষীৰ পত্নীয়ে মিলি ধন জমা কৰিবলৈ গঠন কৰিছিল এটা আত্মসহায়ক গোট ৷ চৰ্ত আছিল কাৰোবাৰ বিপদ হ'লে গোটৰ পৰা ল'ব পাৰিব ধন ৷ কনিষ্টবল কমল বৰা পত্নী শেৱালি বৰাই গোটটোৰ সম্পূৰ্ণ দায়িত্ব পালন কৰি আহিছিল সুচাৰূভাৱে ৷ কিন্তু গোটৰ নামত শতাধিক আৰক্ষীৰ পত্নীয়ে জমা কৰা ধনৰ পৰিমান ৬০ লক্ষাধিক হোৱাৰ পিচতে, মহিলাসলৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ হঠাতে আত্মগোপন কৰে গোটৰ দায়িত্বত থকা শেৱালি বৰাই ৷ যাৰ বাবে সোমবাৰে ভুক্তভোগী মহিলা সকলে নিজ কর্তব্য পালন কৰি ঘৰলৈ উভতাৰ সময়তেই, কমল বৰাক ঘেৰাও কৰাত পৰিস্থিতি উত্তাল হৈ পৰে ৷
লগতে পঢ়কঃ২০ কোাটি টকা কেলেংকাৰীৰ ফোন কল ভাইৰেল : উত্তপ্ত দল-সংগঠন