অসম

assam

ETV Bharat / state

নাৰ্চৰ গাফিলটিৰ বাবেই এটি নৱজাতকৰ মৃত্যু ! - প্ৰসূতি

নৱজাতক শিশু মৃত্যুক কেন্দ্ৰ কৰি নগাঁও মহখুলি চিভিল হস্পিতালত উত্তপ্ত পৰিস্থিতি । নাৰ্চৰ গাফিলটিৰ বাবে নৱজাতকৰ মৃত্যু হোৱাৰ অভিযোগ তুলিছে পৰিয়ালে ।

কিয় নাৰ্চে অক্সিজেন খুলি দিছিল নৱজাতকৰ ?
কিয় নাৰ্চে অক্সিজেন খুলি দিছিল নৱজাতকৰ ?

By

Published : Jan 24, 2021, 7:23 PM IST

নগাঁও,24 জানুৱাৰী :নগাঁও মহখুলি চিভিল হস্পিতালত নৱজাতক শিশু মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ উল্লেখ্য যে, নাৰ্চৰ গাফিলটিৰ বাবেই এটি নৱজাতকৰ মৃত্যু হোৱা বুলি অভিযোগ তুলিছে শিশুটিৰ পৰিয়ালবৰ্গই ।

বিগত 20 জানুৱাৰী তাৰিখে আমবাগানৰ ভিতিয়াখালিৰ শমলা খাতুন নামৰ প্ৰসূতি গৰাকীক মহখুলি চিভিল হস্পিতেলত ভৰ্তি কৰোৱা হৈছিল ৷ 21 তাৰিখে প্ৰসূতি গৰাকীয়ে জন্ম দিছিল এটি পুত্ৰ সন্তান । কিন্তু জন্মৰ 2 টা দিনৰ পিছতেই কিছু অসুস্থতা দেখা দিয়াত শিশুটিক ভৰ্তি কৰোৱা হৈছিল আইচিইউত ৷

কিয় নাৰ্চে অক্সিজেন খুলি দিছিল নৱজাতকৰ ?

ইপিনে দেওবাৰে হঠাৎ নৱজাতকটিৰ মৃত্যু হোৱাত চিকিৎসালয়ত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় ৷ উল্লেখ্য যে, নাৰ্চে অক্সিজেন খুলি দিয়াৰ ফলতেই নৱ জাতকৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে চমলা খাতুনৰ স্বামী মফিজুল হকে ৷ ইয়াৰ লগতে ভিন্ন অজুহাতত বেবী আইচিইউত দায়িত্বত থকা একাংশ নাৰ্চে টকা বিচাৰি হাৰাশাস্তি কৰা বুলিও কেমেৰাৰ সন্মুখত অভিযোগ কৰে পৰিয়ালৰ লোকে ৷ আনহাতে পৰিয়ালৰ সকলো অভিযোগ অস্বীকাৰ কৰে চিকিৎসালয়খনৰ নাৰ্চে । তেওঁলোকৰ মতে নৱজাতকটো ভৰ্ত্তি হোৱাৰ সময়তেই সংকটজনক অৱস্থাত আছিল বুলি মুখ্য নাৰ্চ গৰাকীয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক:সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details