অসম

assam

ETV Bharat / state

Protagonist Mukut Chandra Bhuyan: নগাঁৱত প্ৰয়াত চিত্ৰশিল্পী মুকুট চন্দ্ৰ ভূঞাৰ জন্মদিন পালন - ছবি পৰিচালক পাৰ্থজিত বৰুৱা

প্ৰয়াত চিত্ৰশিল্পী মুকুট চন্দ্ৰ ভূঞাৰ 85 সংখ্যক জন্মদিন পালন ৷ নগাঁও প্ৰেছ ক্লাৱত মুকুট চন্দ্ৰ ভূঞাৰ জন্মদিন উপলক্ষে সোমবাৰে অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা ৷

Protagonist Mukut Chandra Bhuyan
নগাঁৱত প্ৰয়াত চিত্ৰশিল্পী মুকুট চন্দ্ৰ ভূঞাৰ জন্মদিন পালন

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 8:01 PM IST

নগাঁৱত প্ৰয়াত চিত্ৰশিল্পী মুকুট চন্দ্ৰ ভূঞাৰ জন্মদিন পালন

নগাঁও, 10 অক্টোবৰ:প্ৰয়াত চিত্ৰশিল্পী মুকুট চন্দ্ৰ ভূঞাৰ 85 সংখ্যক জন্মদিন পালন ৷ নগাঁও প্ৰেছ ক্লাৱত মুকুট চন্দ্ৰ ভূঞাৰ জন্মদিন উপলক্ষে সোমবাৰে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । নগাঁৱৰ বহু বিশিষ্ট ব্যক্তিৰ উপস্থিতি আছিল উক্ত সভাত ৷ সভাত সভাপতিত্ব কৰে দ্বীজেন্দ্ৰ নাথ হাজৰিকাই। ইফালে সভাৰ পূৰ্বে প্ৰয়াত মুকুট চন্দ্ৰ ভূঞাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে দিলীপ হাজৰিকাই ।

সভাত আদৰণি ভাষণ প্ৰদান কৰে বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই । ভাষণত ডাঃ শইকীয়াই কয় যে, মুকুট চন্দ্ৰ ভূঞাৰ মৃত্যু হোৱা নাই । যিদিনা মোৰ চকু জাপ খাব সেই দিনাহে মুকুট চন্দ্ৰ ভূঞা মোৰ কাষৰ পৰা হেৰাই যাব । ইফালে স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰে বিশিষ্ট ছবি পৰিচালক পাৰ্থজিত বৰুৱাই ।

মুকুট চন্দ্ৰ ভূঞাক এজোপা গছৰ সৈতেও তুলনা কৰে ছবি পৰিচালক পাৰ্থজিত বৰুৱাই কয় যে, এজোপা বৰগছৰ দৰে হৈ পৰা মুকুট চন্দ্ৰ ভূঞাৰ ঘৰখন আছিল বহুতৰে আশ্ৰয়স্থল । সেই ঘৰখনৰ এটা কোঠা মুকুট চন্দ্ৰ ভূঞাৰ নামত পূৰ্বৰ দৰেই আশ্ৰয়স্থল হিচাপে গঢ়ি দিবলৈ পৰিয়াললৈ আহ্বান পাৰ্থজিত বৰুৱাৰ । তেওঁ মুকুট চন্দ্ৰ ভূঞাৰ ওপৰত নিৰ্মাণ কৰা 'কিয়ৰস্কুৰ' নামৰ তথ্যচিত্ৰখনৰ বিষয়ে উল্লেখ কৰে ।

বিশিষ্ট তথ্যচিত্ৰ পৰিচালকজনে কয় যে, মুকুট চন্দ্ৰ ভূঞাক ভালপোৱা সকলে স্বাৰ্থৰ বাবে নহয় ৷ তেওঁৰ সৰল জীৱনৰ ব্যক্তিত্বৰ বাবেহে ভাল পাইছিল । অনুষ্ঠানটোৰ অন্যতম উদ্যোক্তা নিজৰা শইকীয়াই জনোৱা মতে, সভাত সৰ্বসন্মতি ক্ৰমে এটা প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

উল্লেখ্য যে মুম্বাইত প্ৰতিষ্ঠা লাভ কৰাৰ সুযোগ লাভ কৰিও অসমলৈ উভতি আহি প্ৰয়াত মুকুট চন্দ্ৰ ভূঞাই 'দ্যা আছাম ট্ৰিবিউন' প্ৰতিষ্ঠানৰ পৰা প্ৰকাশিত আটাইকেইখন বাতৰি কাকত ক্ৰমে 'আছাম ট্ৰিবিউন', 'দৈনিক অসম',অসমবাণী আৰু গৰিয়সীৰ নগাঁৱত বিতৰণৰ দায়িত্ব গ্ৰহণ কৰিছিল । তেওঁৰ মৃত্যু পৰ্যন্ত এই দায়িত্ব নিষ্ঠাৰে পালন কৰিছিল।

লগতে পঢ়ক;Sahajananda Ojha:অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক সহজানন্দ ওজাক শেষ শ্ৰদ্ধা নগাঁও ক্রীড়া সন্থাৰ

ABOUT THE AUTHOR

...view details