ৰহা, 27 এপ্ৰিলঃ গুৱাহাটীৰ পৰা খোজকাঢ়িয়েই নিশা ৰহাত উপস্থিতি হয় চাৰিজন লোক ৷ চৰকাৰী হেল্প লাইন নম্বৰলৈ ফোন কৰি সুফল নোপোৱাত খোজ কাঢ়িয়েই নিজ নিজ ঘৰলৈ ওভতি যোৱাৰ চেষ্টা কৰে লোক কেইজনে ৷
গুৱাহাটীৰ পৰা খোজকাঢ়ি ৰহাত উপস্থিত 4 জন লোক - ৰহা
গুৱাহাটীৰ পৰা খোজকাঢ়িয়েই উপস্থিত হয় ৰহাত চাৰিজনকৈ লোক ৷ নগাঁও জিলা প্ৰশাসনে আটাইকেইজন লোকক স্বাস্থ্য পৰীক্ষা কৰে ৷ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ইতিমধ্যে আটাইকেইজন লোককে নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে নগাঁও জিলা প্ৰশাসনে ।
চৰকাৰী হেল্প নম্বৰ ১০৪ লৈ ফোন কৰি সু-উত্তৰ নোপোৱাতগুৱাহাটীৰ পৰা খোজ কাঢ়িয়েই নিশা উপস্থিত হয় ৰহাত চাৰিজনকৈ লোক ৷ তেওঁলোকৰ ঘৰ ক্ৰমে তেজপুৰ,লখিমপুৰ,মাজুলী আৰু ধেমাজিত ৷ লোককেইজনে গুৱাহাটীৰ ব্যক্তিগত কোম্পানীত কাম কৰিছিল ৷ লক ডাউনৰ ফলত আবদ্ধ হৈ আছিল ৷ ব্যক্তি কেইজনে চৰকাৰে ঘোষণা কৰা হেল্পলাইন ১০৪ নম্বৰত ফোন কৰি বিফল হোৱাত সোমবাৰে পুৱাৰে পৰা গুৱাহাটীৰ পৰা খোজকাঢ়ি ঘৰমুৱা হৈছিল । অৱশ্যে ব্যক্তিকেইজন গুৱাহাটীৰ পৰা খোজকাঢ়ি ৰহা চাৰিআলিত উপস্থিত হোৱাৰ পিছত নগাঁও জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাত আটাইকে স্বাস্থ্য পৰীক্ষা কৰে ৷ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত ইতিমধ্যে আটাইকেইজন লোকক ইতিমধ্যে নিজ ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰে নগাঁও জিলা প্ৰশাসনে ।
লগতে পঢ়ক- শিৱসাগৰত আবদ্ধ লোকসকলকঃ নিজ জিলালৈ প্ৰেৰণ