অসম

assam

ETV Bharat / state

কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওটলৈ সাংবাদিক পেঞ্চন

২০২১-২২ বৰ্ষৰ বাবে অসম চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ গৰাকী জ্যেষ্ঠ সাংবাদিকলৈ আগবঢ়াইছে সাংবাদিক পেঞ্চন । এই তালিকাত নাম সন্নিৱিষ্ট হৈছে কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওটৰ নাম ৷

1st Journalist Pensioner of Kaliabor
কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওঁটলৈ সাংবাদিক পেঞ্চন

By

Published : Aug 16, 2021, 10:37 AM IST

কলিয়াবৰ, 16 আগষ্ট :অসম সাংবাদিক পেঞ্চন আঁচনিখন ২০১৬ চনৰ জানুৱাৰী মাহত প্ৰৱৰ্তন কৰা হয় । ৬০ বছৰ বয়সত অৱসৰ গ্ৰহণ কৰা জ্যেষ্ঠ সাংবাদিকসকলৰ কল্যাণাৰ্থে এই আঁচনি গ্ৰহণ কৰা হয় । ইয়াৰ বাবে আবেদনকাৰীজন সাংবাদিক হিচাপে অৱসৰপ্ৰাপ্ত হ’ব লাগিব আৰু এই আঁচনিখন তেওঁৰ বাবে আজীৱন থাকিব ।

অসমৰ সংবাদক্ষেত্ৰত কমেও ২০ বছৰ সেৱা আগবঢ়োৱা অৱসৰপ্ৰাপ্ত সাংবাদিকক মাহিলি ৮০০০ টকাকৈ পেঞ্চন প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় । ২০২১-২২ বৰ্ষৰ বাবে অসম চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ২০ গৰাকী জ্যেষ্ঠ সাংবাদিকলৈ আগবঢ়াইছে সাংবাদিক পেঞ্চন । অসম চৰকাৰে সাংবাদিক পেঞ্চনৰ বাবে ঘোষণা কৰা তালিকাত স্থান লাভ কৰিছে নগাঁও জিলাৰ কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওটে ৷

কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওঁটলৈ সাংবাদিক পেঞ্চন

নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাট নিবাসী তথা জ্যেষ্ঠ সাংবাদিক নৃপেন চন্দ্ৰ কেওটে দীৰ্ঘসময় ধৰি সংবাদ সেৱাৰ লগত জড়িত হৈ আছে ৷ এইবাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত কলিয়াবৰৰ জ্যেষ্ঠ সাংবাদিকগৰাকীক কলিয়াবৰ মহকুমা প্ৰশাসনে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা কথা আছিল । কিন্তু ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে সাংবাদিকগৰাকীক শিলঘাটৰ নিজ গৃহতে সম্বৰ্ধনা জনাই মহকুমা প্ৰশাসনে ।

কলিয়াবৰৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত পবিত্ৰ কুমাৰ দাসৰ উপস্থিতিত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে মহকুমাটোৰ চক্ৰ বিষয়াৰ লগতে কৃষি বিষয়া ।

লগতে পঢ়ক :শ্বিলঙত সান্ধ্য আইন : কৰ্তন কৰা হ’ল ম’বাইল ইন্টাৰনেট সেৱা

ABOUT THE AUTHOR

...view details