মৰিগাঁও , 30 এপ্ৰিল :মৰিগাঁৱত মৰিগাঁও বিহুতলী সমিতিয়ে অনুষ্ঠিত কৰে এক চিত্ৰাংকন প্ৰতিযোগিতা ৷ ছাত্ৰ ছাত্ৰীৰ মাজত এক সাংস্কৃতিক দৃশ্যপট অংকনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি বিহুৰ আপুৰুগীয়া সম্পদৰ স'তে নতুন প্ৰজন্মৰ পৰিচয় কৰাবলৈ এই পদক্ষেপ লোৱা হয় ৷
মৰিগাঁৱত বিহুকলৈ চিত্ৰাংকন প্ৰতিযোগিতা - মৰিগাঁও
মৰিগাঁৱত ৰঙালী বিহুৰ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত ঢোল-তাল ,পেপাঁ, টকা, গগনা, বাঁহী, তথা বিহুৱা-বিহুৱতীৰ চিত্ৰাংকন প্ৰতিযোগিতা ৷
মৰিগাঁৱত 57 সংখ্যক ৰঙালী বিহুৰ সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি মৰিগাঁও বিহুতলী সমিতিয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ দুটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ বিষয়বস্তু আন দহখন চিত্ৰাংকণ প্ৰতিযোগিতাতকৈ সুকীয়া ৷ এই চিত্ৰাংকন প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে অসমীয়া বাপতি সাহোন ব'হাগৰ বিহুৰ সৈতে জড়িত ঢোল , তাল, পেঁপা, গগন, টকা, বাঁহী, সুতুলী আৰু বিহুৱা-বিহুৱতীৰ ছবি অংকন ৷ মৰিগাঁও বিহুতলী মঞ্চত অনুষ্ঠিত এই বিশেষ প্ৰতিযোগিতাখন ৰীতা মিশ্ৰ আৰু ৰাজু দাসে পৰিচালনা কৰে ৷