অসম

assam

By

Published : May 18, 2021, 9:02 AM IST

ETV Bharat / state

মৰিগাঁৱত সাংবাদিক পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

সোমবাৰে মৰিগাঁৱত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ 26 সংখ্যক শ্বহীদ দিৱস পালন ৷ ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰয়াত সাংবাদিকগৰাকীক ৷

tribute to late journalist parag kumar das
পৰাগ কুমাৰ দাসৰ শ্বহীদ দিৱস

মৰিগাঁও,18 মে’: মৰিগাঁৱত সোমবাৰে পালন কৰা হয় প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ 26 সংখ্যক শ্বহীদ দিৱস ৷ মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু জিলা মিডিয়া ক্লাবৰ সহযোগত পৰাগ নিকেতনৰ প্ৰেক্ষাগৃহত পালন কৰা হয় এই শ্বহীদ দিৱস ৷

ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ শ্বহীদ দিৱস পালন কৰা হয় ৷ পুৱাৰ ভাগত অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা বুবুমণি গোস্বামীয়ে বন্তি প্ৰজ্বলন অৰ্পণৰে প্ৰয়াত সাংবাদিকগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি

আনহাতে, মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক তথা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সম্পাদক জিতুমণি নাথেও দাসৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে । এই অনুষ্ঠানত অংশ লয় জিলা মিডিয়া ক্লাবৰ সভাপতি তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ৰাতুল ডেকাই ।

লগতে পঢ়ক :50 ৰ উৰ্দ্ধৰ বয়সৰ ৰোগীক হ’ম আইচ’লেচন প্ৰদান কৰা নহ’ব:পল্লৱ গোপাল ঝা

ABOUT THE AUTHOR

...view details