অসম

assam

ETV Bharat / state

গৰাখহনীয়াৰ কৱলত পৰি গাঁও এৰিবলৈ সাজু মৰিগাঁৱৰ পলাশগুৰিবাসী

নিজৰ ঘৰখন এৰি নিৰাপদ ঠাইৰ সন্ধানত গাঁওবাসী

গৰাখহনীয়াৰ কৱলত পৰি গাঁও এৰিবলৈ সাজু মৰিগাঁৱৰ পলাশগুৰিবাসী

By

Published : Feb 15, 2019, 1:34 PM IST

মৰিগাঁও,১৫ ফেব্ৰুৱাৰী: আপোন গাঁও এৰিবলৈ সাজু গঞা । নিজৰ ঘৰখন এৰি নিৰাপদ ঠাইৰ সন্ধানত গাঁওবাসী। কিন্তু কিয় এই সিদ্ধান্ত গাঁওবাসীৰ ?

গৰাখহনীয়াৰ কৱলত পৰি গাঁও এৰিবলৈ সাজু মৰিগাঁৱৰ পলাশগুৰিবাসী

এই গাঁওখন হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৰাজচক্ৰৰ ভিতৰুৱা কাঠনি পলাশগুৰি গাঁও । উল্লেখ্য যে, ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত সঘনাই বানপানীত বুৰ যোৱা গাঁওবাসীৰ বিলাই-বিপত্তি ,দুখ-দূৰ্দশা দেখি এটা স্বেচ্ছাসেৱী সংগঠনে গাঁৱৰ প্ৰতিটো চাকৰিহীন পৰিয়ালক সজাই দিছিল একোটাকৈ চাং ঘৰ। কিন্তু দিনে দিনে বাঢ়ি অহা গৰাখহনীয়াৰ ফলত এতিয়া চাং ঘৰো হৈ পৰিছে অসাৰ ।

পাচে, এই সম্পৰ্কত পৰিবৰ্তনৰ শ্লোগান দিয়া চৰকাৰে ল'বনে কিবা ব্যৱস্থা ,নে এইদৰেই খহনীয়াৰ গৰাহত বিলীন হৈ থাকিব একোখনকৈ গাঁও ।

ABOUT THE AUTHOR

...view details