মৰিগাঁও, 17 আগষ্ট :বৃহস্পতিবাৰে জাগীৰোডত তিৱা লিবাৰেশ্যন আৰ্মীয়ে এখনি সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেলত আয়োজন কৰি তিৱা লিবাৰেশ্যন আৰ্মীৰ নেতৃত্বই চৰকাৰৰ প্ৰতি থকা ক্ষোভ উজাৰে ৷ কথাৰ প্ৰসংগত তেওঁলোকৰ সংগঠনটোপুনৰ অস্ত্ৰ হাতত তুলি ল’বলৈ সাজু বুলিও উল্লেখ কৰে তেওঁ ৷ মধ্য অসমৰ তিৱাসকলক লৈ চৰকাৰৰ কোনো সদ্দিচ্ছা নথকাৰ অভিযোগ তুলিছে সংগঠনটোৱে । পুনৰ হাতত অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ অস্ত্ৰ সম্বৰণ কৰা সশস্ত্ৰ সংগঠন তিৱা লিবাৰেশ্যন আৰ্মীৰ ৷
তিৱা জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ উদ্দেশ্যে একাংশ যুৱকে গঠন কৰিছিল সশস্ত্ৰ সংগঠনটো ৷ অৱশেষত চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি ২০২২ চনত অস্ত্ৰ সম্বৰণ কৰি চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছিল সংগঠনটো ৷ কিন্তু অস্ত্ৰ সম্বৰণ কৰাৰ পিচতো সংগঠনটোৰ সদস্যসকলক কোনো সুবিধা প্ৰদান কৰা নাই চৰকাৰে ৷ আনহাতে মৰিগাঁও জিলাত তিনিটা সমষ্টি ভূমিপুত্ৰ তিৱাসকলৰ বাবে সংৰক্ষণৰ দাবী জনাই অহাৰ পিচতো সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াত জিলাখনৰ এটাও সমষ্টি সংৰক্ষণ নকৰাত ক্ষোভিত হৈ পৰিছে সংগঠনটোৰ নেতৃবৃন্দ ৷